অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ত অযোধ্যা প্ৰসংগ - মন কি বাতত অযোধ্যা নিউজ

দেশৰ ঐক্য আৰু সংহতিৰ কথা ক'বলৈ গৈ অযোধ্যা প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দেওবাৰে "মন কি বাত" অনুষ্ঠান সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে অযোধ্যা প্ৰসংগ উল্লেখ কৰে ৷

প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ত অযোধ্যা প্ৰসংগ

By

Published : Oct 27, 2019, 7:39 PM IST

নিউজ ডেস্ক, 27 অক্টোবৰঃদেশবাসীৰ সৈতে মনৰ কথা আলোচনা কৰিবলৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে আৰম্ভ কৰিছিল "মন কি বাত" অনুষ্ঠান ৷ বিমুদ্ৰাকৰণকে ধৰি দেশৰ সামগ্ৰিক ৰাজনৈতিকত-অৰ্থনৈতিক পৰিস্থিতি সাধাৰণ জনতাৰ সন্মুখত তুলি ধৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিল এই অনুষ্ঠান ৷ এনে অৱস্থাত দেশৰ প্ৰতিগৰাকী জনতাৰ চৰ্চাৰ বিষয়ত থকা অযোধ্যাক লৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দেওবাৰে "মন কি বাত" অনুষ্ঠানত অযোধ্যা প্ৰসংগ লৈ সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী মোডী ৷

বহু চৰ্চিত অযোধ্যা ভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ে শুনানি সম্পূৰ্ণ কৰিছে ৷ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰৰ পূৰ্বেই এই গোচৰৰ ৰায় ঘোষণা কৰা সম্ভাৱনা আছে ৷ এই বিষয়টোক লৈ উত্তৰ-প্ৰদেশ, দিল্লীকে ধৰি সমগ্ৰ দেশই শীৰ্ষ আদালতৰ ওপৰত নজৰ ৰাখিছে ৷ ৰায়দানৰ পিচতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবেই আজিৰ "মন কি বাত" অনুষ্ঠানত বাৰ্তা ৰাখে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ শান্তভাৱে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ দেশবাসীক দীপাৱলীৰ শুভেচ্ছা ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰীৰ

আজিৰ "মন কি বাত" অনুষ্ঠানত মহাত্মা গান্ধীৰ প্ৰতিও শ্ৰদ্ধা অৰ্পন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 58সংখ্যক "মন কি বাত" অনুষ্ঠানত দীপাৱলীক লৈয়ো মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ দীপাৱলী কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে পৰ্যটকসকলৰ বাবে এক উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details