নিউজ ডেস্ক, 27 মে': 1964 চনৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ । বুধবাৰে তেখেতৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । টুইটৰ জৰিয়তে মোডীয়ে প্ৰদান কৰে এই শ্ৰদ্ধাঞ্জলি ।
জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ - জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকী
আজি প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 56 সংখ্যক মৃত্যু বাৰ্ষিকী । টুইটৰ জৰিয়তে নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰে শ্ৰদ্ধাঞ্জলি ।
জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি মোডীৰ
তেওঁ টুইটত লিখে- "আমাৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুজীলৈ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি ।"
জৱাহৰলাল নেহৰু 1947 ৰ পৰা 1964 চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল ।