নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: নবেল বঁটা প্ৰাপক অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে মঙলবাৰে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ এই সাক্ষাৎকাৰত ভাৰত আৰু ভাৰতীয় অৰ্থনীতিৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰা হয় বুলি জনাই বেনাৰ্জীয়ে ৷ এই সাক্ষাৎকাৰৰ এখন ছবি প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ টুইটাৰত শ্বেয়াৰ কৰে ৷তেওঁ কয় যে নবেল বটাঁ প্ৰাপক অৰ্থনীতিবিদ গৰাকীক লগ পাই উৎফুল্লিত প্ৰধানমন্ত্ৰী ৷ তেওঁ লগতে কয় যে অভিজিৎ বেনাৰ্জীৰ সাফল্যত গৌৰান্বিত ভাৰত ৷
অভিজিৎ বেনাৰ্জীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ - নবেল বটাঁ প্ৰাপক অৰ্থনীতিবিধ অভিজিৎ বেনাৰ্জী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে নবেল বটাঁ প্ৰাপক অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে ৷ ভাৰত আৰু ভাৰতীয় অৰ্থনীতিৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰে দুয়োজনে ৷ এই সাক্ষাতৰ পিছত প্ৰধানমন্ত্ৰীৰ টুইট ‘অভিজিৎ বেনাৰ্জীৰ সাফল্যত গৌৰাম্বিত ভাৰত’
নবেল বটাঁ প্ৰাপক অৰ্থনীতিবিধ অভিজিৎ বেনাৰ্জীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ
উল্লেখযোগ্য যে,ভাৰতীয় মূলৰ আমেৰিকান প্ৰফেছাৰ অভিজিৎ বেনাৰ্জীয়ে এষ্ঠাৰ ডাফলো আৰু মাইকেল ক্ৰিমাৰক 2019 বৰ্ষৰ অৰ্থশাস্ত্ৰৰ সন্মানীয় ন'বেল বঁটা প্ৰদান কৰা হয় ৷ "For their Experimental Approach to Alleviating Global Poverty" শীৰ্ষক বিষয়ৰ বাবে তিনিওগৰাকীয়ে লাভ কৰে চলিত বৰ্ষৰ সন্মানীয় অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা ৷মাছাচ্যুচেটছ ইনষ্টিটিউট অৱ টেকন'ল'জিৰ অৰ্থবিজ্ঞান শাখাৰ ফৰ্ড ফাউণ্ডেশ্যন ইণ্টাৰনেশ্যনেলত অধ্যাপক হিচাপে কৰ্মৰত অভিজিৎ বেনাৰ্জী ৷