নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ: বিহাৰত দেওবাৰে ভিডিঅ’ কনফাৰেন্সযোগে পেট্ৰ’লিয়াম খাদৰ তিনিটা প্ৰকল্প মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰীসহ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৷
এই প্ৰকল্পত পাৰাদ্বীপ-হালদিয়া-দুৰ্গাপুৰ পাইপ লাইন বিস্তাৰিত প্ৰকল্পৰ দুৰ্গাপুৰ-বাংকা খণ্ড আৰু এলপিজি বটলিং প্লাণ্ট অন্তৰ্ভুক্ত কৰা হৈছে ৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘‘বিহাৰৰ বাবে যি প্ৰধানমন্ত্ৰী পেকেজ প্ৰদান কৰা হৈছিল, তাত পেট্ৰ’লিয়াম আৰু গেছৰ সৈতে জড়িত 10 টা প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই প্ৰকল্পসমূহত মুঠ 21,000 কোটি টকা খৰচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ ৰাজ্যখনৰ এইটো হৈছে 7 নম্বৰ প্ৰকল্প ৷’’
আনহাতে চৰকাৰী সূত্ৰই জনোৱা মতে, এই প্ৰকল্প ইণ্ডিয়ান অইল আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ অধীনত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ’ব ৷