নিউজ ডেস্ক, 23 জুনঃ ভাৰতীয় জনসংঘৰ সংস্থাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিৰ জেষ্ঠ নেতাৰ ।
প্ৰধানমন্ত্ৰী মোডীয়ে এক হিন্দীত টুইট কৰি কয়, মই ভাৰত মাতৃৰ মহান পুত্ৰ ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ মৃত্যুৰ বাৰ্ষিকীত শ্ৰদ্ধা জ্ঞাপন কৰিছো ।
প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপি ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাইও মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
বিজেপিৰ সভাপতিগৰাকীয়ে কয়, মুখাৰ্জীয়ে জম্মু আৰু কাশ্মীৰৰ সৰ্বাত্মক উন্নয়নৰ বাবে ধাৰা 370 আৰু 35A প্ৰত্যাহাৰ কৰাৰ অনুপ্ৰেৰণা সৃষ্টি কৰিছিল ।
ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্ত্ৰীমণ্ডলৰ সময়ত উদ্যোগ আৰু যোগান মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল । তেওঁৱে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা কৰিছিল । পৰৱৰ্তী সময়ত নেহৰুৰ সৈতে হোৱা মতামত পাৰ্থকৰ বাবেই 1977-1979 চনত জনতা পাৰ্টিৰ সহ-প্ৰতিষ্ঠা কৰিছিল । পৰৱৰ্তী সময়ত বিজেপি হিচাপে পৰিচিত হয় ।
লগতে পঢ়ক :অনিদিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ