নিউজ ডেস্ক, 14 ছেপ্তেম্বৰ : সীমান্তত ভাৰত-চীনৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে চীনৰ বিৰুদ্ধে ৷ এইবাৰ চীনৰ বিৰুদ্ধে পোহৰলৈ আহিছে ভাৰতীয়ৰ ওপৰত কৰা চোৰাংচোৱাগিৰিৰ তথ্য ৷
গালৱান সংঘৰ্ষৰ পিচতেই দুয়োখন দেশৰ মাজত একপ্ৰকাৰ শীতল যুদ্ধ অব্যাহত আছে ৷ দুয়োখন দেশৰ সেনাৰ শীৰ্ষপৰ্যায়ৰ বিষয়াৰ লগতে আমোলাতান্ত্ৰিক আলোচনাৰ বৰ্তমানলৈ কোনো সুফল পোৱা হোৱা নাই ৷ এনে অৱস্থাত ভাৰতীয় এছএফএফ বাহিনীয়ে প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ পাংগং ছ্য হ্ৰদৰ দক্ষিণ প্ৰান্তৰ এক উচ্চতাত নিজৰ অৱস্থানত শক্তিশালী খোপনি পাতিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক :চীনৰ বৈদেশিক মন্ত্ৰীৰে মস্কোত মিলিত হ'ব মন্ত্ৰী জয়শংকৰ
কিন্তু এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ চীনৰ বিৰুদ্ধে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷ তথ্য অনুসৰি, শেহতীয়াকৈ চীনৰ কমিউনিষ্ট চৰকাৰে ইয়াৰ এক শীৰ্ষ প্ৰযুক্তিগত সংস্থাক ভাৰতৰ হাইপ্ৰফাইল ব্যক্তিৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ কামত নিয়োজিত কৰিছে ৷
সৰ্বভাৰতীয় পৰ্যায়ৰ এক সংবাদমাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, চীনে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী, সেনাপ্ৰমুখসকল, বহুকেইগৰাকী ৰাজ্যপাল, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি খেলুৱৈ তথা দেশৰ প্ৰতিষ্ঠিত ব্যৱসায়ীসকলৰ বিৰুদ্ধে অবৈধভাৱে তথ্য সংগ্ৰহৰ কামত নিয়োজিত কৰিছে ৷ ইতিমধ্যে চীনৰ হাতত দেশৰ বহুকেইগৰাকী শীৰ্ষ ব্যক্তিৰ তথ্য মজুত আছে ৷ চীনা কমিউনিষ্ট চৰকাৰৰ নিৰ্দেশত ঝীনহুৱা ইনফৰমেশ্বন টেকন'লজি কোম্পানী লিমিটেড নামৰ সংস্থাটোৱে এইদৰে ভাৰতীয়ৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ কামত নামি পৰিছে ৷
লগতে পঢ়ক :সীমান্তৰ সমস্যা সমাধানৰ বাবে চীন-ভাৰতৰ বৈঠক অব্যাহত
চীনৰ এই সংস্থাটোৰ হাতত মজুত থকা তালিকাখনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেবিনেট মন্ত্ৰী স্মৃতি ইৰানী, ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙকে ধৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰৎ অৰবিন্দ বোবদে, বিশিষ্ট ব্যৱসায়ী ৰতন টাটা, গৌতম আদানি, প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ প্ৰাক্তন মিডিয়া উপদেষ্টা সঞ্জয় বাৰুসহ বহুকেইগৰাকী সাংবাদিকৰ নাম ৷
ভাবিবলগীয়া কথাটো হৈছে এই সংস্থাৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰে চীনৰ ঝী জিনপিঙৰ চৰকাৰে ৷ এই সন্দৰ্ভত ভাৰতীয় সংবাদমাধ্যমৰ তৰফৰ পৰা সংস্থাটোক প্ৰশ্ন কৰা হৈছিল যদিও সংস্থাৰ আভ্যন্তৰীণ তথা বাণিজ্যিক বিষয়ৰ অজুহাতত এই সন্দৰ্ভত উত্তৰ দিয়াৰ পৰা বিৰত থাকে সংস্থাটো ৷
বিভিন্ন ৱেবচাইট তথা সামাজিক মাধ্যমৰ পৰা সংস্থাটোৱে এইসমূহ তথ্য সংগ্ৰহ কৰিছে ৷ ইয়াৰ লগতে বিভিন্ন গৱেষণাপত্ৰ তথা প্ৰতিবেদনৰ পৰাও তথ্য সংগ্ৰহ কৰিছে সংস্থাটোৱে ৷ সংস্থাটোৱে কেৱল মাত্ৰ ভাৰতৰে নহয়, আমেৰিকা, ব্ৰিটেইন, জাপান, অষ্ট্ৰেলিয়া, কানাডা, জাৰ্মানী, আৰৱ আদি দেশৰো বিভিন্ন হাইপ্ৰফাইল ব্যক্তিৰ তথ্য সংগ্ৰহ কৰাৰ লগতে তেওঁলোকৰ ওপৰত চোৰাংচোৱাগিৰি কৰি আহিছে ৷
লগতে পঢ়ক :চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !