নিউজ ডেস্ক, ৮ জুলাইঃবুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় কেন্দ্ৰীয় কেবিনেট বৈঠক। নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত অনুষ্ঠিত হৈছে এই বৈঠক। বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ,স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন সহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছে বুলি জানিব পৰা গৈছে।
এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ কৃষি ক্ষেত্ৰ আৰু EPF সন্দৰ্ভত বিশেষ শুনানি গ্ৰহণ, গৰীৱ কল্যাণ অন্ন যোজনা নৱেম্বৰলৈ বৃদ্ধি কৰা আদি সন্দৰ্ভত আলোছনা হোৱাৰ সম্ভাৱনা আছে।