নিউজ ডেস্ক, 2 অক্টোবৰঃদেশৰ সৰ্ববৃহৎ ডিজিটেল সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰতৰ প্ৰচেষ্টাক শলাগ দেশৰ প্ৰধানমন্ত্ৰীৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে টুইট কৰি শলাগ লয় ইটিভি ভাৰতৰ ৷
মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী উপলক্ষে ইটিভি ভাৰতে প্ৰকাশ কৰিছিল গান্ধীৰ প্ৰিয় ভজন "বৈষ্ণৱ জন টো"ৰ এটা বিশেষ ভিডিঅ' ৷ দেশৰ বিভিন্ন প্ৰান্তত দৃশ্যগ্ৰহণ কৰাৰ লগতে বিভিন্ন ভাষাৰ সংগীতজ্ঞসকলে কন্ঠদান কৰা বিশেষ ভিডিঅ'টোৱে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি উক্ত ভিডিঅ'ৰ শলাগ লৈছে ৷ প্ৰধানমন্ত্ৰীৰ উপৰিও দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, ৰেলমন্ত্ৰী পীয়ুশ গোৱেল, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতা-কৰ্মী তথা মন্ত্ৰীয়ে উক্ত ভিডিঅ'টোৰ প্ৰশংসা কৰে ৷ আনহাতে দুৰদৰ্শন অন্ধ্ৰপ্ৰদেশে ইটিভি ভাৰতৰ এই বিশেষ ভিডিঅ'টো টুইট কৰিছে ৷