নতুন দিল্লী, ২ জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে ভাৰতীয় ঔদ্যোগিক পৰিসংঘ চমুকৈ চি আই আইৰ বাৰ্ষিক সন্মিলনখন সম্বোধন কৰে । ভাৰতীয় ঔদ্যোগিক পৰিসংঘৰ Getting Growth Back শীৰ্ষক অনলাইন বাৰ্ষিক সন্মিলনখনত মহামাৰীৰ পাছত দেশৰ অৰ্থব্যৱস্থা পুনৰ সুস্থিৰ কৰা বিষয়ক আলোচনা কৰা হ'ব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে উপস্থিত থাকে দেশৰ শীৰ্ষস্থানীয় উদ্যোগপতিসকল ৷
ভাৰতীয় ঔদ্যোগিক পৰিসংঘৰ বাৰ্ষিক সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰীৰ - Narendra Modi
দেশৰ শীৰ্ষস্থানীয় উদ্যোগপতিসকল উপস্থিত থাকে সন্মিলনত ।
ক'ৰণা মহামাৰীৰ বাবে দেশত বলৱৎ হোৱা লক ডাউন কেন্দ্ৰীয় চৰকাৰে শিথিল কৰাৰ লগে লগে দেশৰ উদ্যোগখণ্ডসমূহত কাম-কাজ পুনৰ আৰম্ভ হৈছে । দেশৰ কনটেইনমেণ্ট জ'ন সমূহৰ বাহিৰে আন সকলো অঞ্চলত ৮ জুনৰ পৰা "আনলক-১" আৰম্ভ কৰা হ’ব য’ত শ্বপিং মল,ৰেষ্টুৰেণ্ট আদি খোলাৰ অনুমতি প্ৰদান কৰা হ’ব ৷ প্ৰায় ২ মাহ ধৰি দেশত বলবৎ হৈ থকা লক ডাউনৰ বাবে পৰৱৰ্তী সময়ত দেশৰ মুঠ ঘৰুৱা উৎপাদন অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে দেশৰ অৰ্থনীতিবিদ তথা বিভিন্ন এজেন্সী সমূহে । এনে সময়ত দেশৰ অৰ্থনীতিক সুস্থিৰ গতি প্ৰদান কৰিবলৈ চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইতিমধ্যেই ২০ লাখ কোটি টকাৰ এক অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
লগতে চাওকঃ জম্মু আৰু কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ