নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ প্ৰাক্তন আইন মন্ত্ৰী অশ্বিনী কুমাৰে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ তথা লক ডাউনৰ অন্ত পৰা সন্দৰ্ভত পৰামৰ্শ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এটি দল গঠন কৰিবলৈ আহ্বান জনায় ।
দেশৰ পৰিস্থিতি সন্দৰ্ভত পৰামৰ্শ দিবলৈ ৰাষ্ট্ৰীয় গঠবন্ধন কৰিবলৈ অশ্বিনী কুমাৰৰ আহ্বান তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰ আৰু বিৰোধী দলে মানৱতাৰ অস্তিত্ব ৰক্ষাৰ প্ৰভাৱশালী সমাধান উলিয়াবলৈ একত্ৰিত হ'ব লাগে ।
লগতে কুমাৰে সংবাদ মাধ্যমক কয় যে, এইটো তেখেত সকলৰ নেতা আৰু আমাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ সৈতে জনসাধাৰণৰ প্ৰতি আস্থা প্ৰতিপন্ন কৰাৰ সময় ।
লক ডাউন, দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণ আৰু প্ৰবাসী শ্ৰমিকৰ সমস্যা সন্দৰ্ভত ৰণনীতি তৈয়াৰ কৰিবলৈ কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ আগবঢ়াই আহিছে বুলি মন্তব্য কৰে অশ্বিনী কুমাৰে ।
আনহাতে, মহামাৰী COVID-19 প্ৰতিৰোধ কৰিবলৈ কিছু সংখ্যক ৰাজ্য় আৰু কেন্দ্ৰ চৰকাৰৰ মাজত সংঘৰ্ষত লিপ্ত হোৱা ইতিমধ্যে খবৰ লাভ কৰিছো বুলি মন্তব্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ । কিন্তু এই সংকটৰ সময়ত সংঘৰ্ষত লিপ্ত হোৱাৰ সলনি মতভেদ সমূহ বাৰ্তালাপৰ জৰিয়তে সমাধান হোৱাটো উচিত বুলি মন্তব্য কৰে বৰ্ষীয়ান নেতা অশ্বিনী কুমাৰে ।