অসম

assam

ETV Bharat / bharat

নিজৰ বক্তব্যক লৈ সচেতন হ'ব লাগে প্ৰধানমন্ত্ৰী : মনমোহন সিং - নৰেন্দ্ৰ মোডীক কটাক্ষ মনমোহন সিঙৰ

পূৱ লাডাখত চীনা সৈন্য আৰু ভাৰতীয় সেনাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত 20 জনকৈ ভাৰতীয় সৈনিক শ্বহীদ হোৱাৰ পাচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা বক্তব্যক লৈ সমালোচনা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ । মোডীক নিজৰ ভাষণত ব্যৱহাৰ কৰা শব্দক লৈ সচেতন হ'ব লাগে বুলি কয় সিঙে ।

PM must be mindful of implications of his words: Manmohan on Ladakh standoff
PM must be mindful of implications of his words: Manmohan on Ladakh standoff

By

Published : Jun 22, 2020, 2:16 PM IST

নিউজ ডেস্ক, 22 জুন : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ । লাডাখত চীনা সৈন্যৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষৰ পাচতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া ব্যক্তব্য়ক লৈ কটো সমালোচনা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী মনমোহন সিঙৰ ।

মনমোহন সিঙৰ প্ৰতিক্ৰিয়া

সোমবাৰে মোডীক সমালোচনা কৰি মনমোহন সিঙে কয়, মোডীয়ে নিজৰ ভাষণেৰে চীনৰ চক্ৰান্তকাৰী মনোভাৱক অধিক শক্তি প্ৰদান কৰিব নালাগে । আনহাতে চৰকাৰক সকলো পক্ষৰ সৈতে মিলিত হৈ বৰ্তমানৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ প্ৰয়োজন । ইয়াৰ লগতে তেওঁ কয়, বিভ্ৰান্তিমূলক প্ৰচাৰ কেতিয়াও কূটনীতি আৰু শক্তিশালী নেতৃত্বৰ বিকল্প হ'ব নোৱাৰে আনহাতে জোৱানৰ বলিদান অথলে নাযায় তাৰ ন্য়ায়বিচাৰ সুনিশ্চিত কৰাৰো আহ্বান জনায় প্ৰধানমন্ত্ৰীক ।

উল্লেখ্য় যে, প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত-চীনৰ উত্তেজনাময় বিষয় সন্দৰ্ভত শুকুৰবাৰে অনুষ্ঠিত এক সৰ্বদলীয় বৈঠকত ভাৰতীয় সীমান্তত চীনা সৈন্য প্ৰৱেশ কৰা নাই আৰু আমাৰ ভূমি কোনো বাহিৰা শক্তিয়ে জব্দ কৰি থকা নাই বুলি মন্তব্য় প্ৰকাশ কৰিছিল । এই বক্তব্যৰ প্ৰসংগতেই শনিবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যলয়ৰ পৰা সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী কৰা মন্তব্য়ক কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰমূলক ভাৱে দুষ্ট বাখ্যা চলোৱাৰ অপচেষ্টা কৰা বুলি উল্লেখ কৰে ।

এই বক্তব্য সন্দৰ্ভতেই মনমোহন সিঙে মোডীৰ কটো সমালোচনা কৰি কয়, আজি আমি ইতিহাসৰ এনে এক সংবেদনশীল স্থিতিত উপস্থিত হৈছো য'ত চৰকাৰৰ সিদ্ধান্তেই নিশ্চিত কৰিব যে, আমাৰ ভৱিষ্য়ৎ প্ৰজন্মই আমাক কিদৰে অনাগত দিনত চাব বা জোখিব ।

আমাৰ গণতন্ত্ৰত এই দায়িত্ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ওপৰত নিৰ্ভৰশীল । প্ৰধানমন্ত্ৰীক সদায় নিজৰ শব্দ আৰু ঘোষণাৰ প্ৰতি আমাৰ দেশৰ সুৰক্ষাৰ লগে-লগে ৰাজনৈতিক আৰু ক্ষেত্ৰীয় স্বাৰ্থৰ প্ৰতিও সচেতন হ'বলাগে বুলি কয় মনমোহন সিঙে ।

যোৱা 15 জুনত পূৱ লাডাখৰ গালৱান ভেলীত 20 জনকৈ জোৱান চীনাৰ সৈন্যৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত শ্বহীদ হ'বলগীয়া হৈছিল ।

ABOUT THE AUTHOR

...view details