নেশ্যনেল ডেস্ক, ৩ছেপ্টেম্বৰ: চাইবাৰ অপৰাধীৰ কোপ দৃষ্টিৰ পৰা ৰক্ষা নপৰিল প্ৰধনমন্ত্ৰীও । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট হেক কৰি টুইট কৰিলে চাইবাৰ অপৰাধীয়ে । বৃহস্পতিবাৰে এই কথা পোহৰলৈ আহে । প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত ৱেবছাইটৰ সৈতে সংলগ্ন থকা টুইটাৰ একাউণ্ট হেক কৰা হৈছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট হেক - একাউণ্ট হেক
চাইবাৰ অপৰাধীৰ দু:সাহস । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট হেক। টুইটযোগে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ বাবে সাহায্য বিচাৰিলে হেকাৰে।
হেকাৰে ক্ৰিপ্ট'কাৰেন্সিৰে বিষয়ক টুইট কৰিছে প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত টুইটাৰ একাউণ্টৰ পৰা । টুইটটোত হেকাৰে লিখিছে, মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে, 'COVID-19ৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ দান-বৰঙণি আগবঢ়াওক । এতিয়া ভাৰতৰ আৰম্ভণি ক্ৰিপ্ট'কাৰেন্সিৰে কৰোঁ আহক । অনুগ্ৰহ কৰি .....................................ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ বাবে সাহায্য আগবঢ়াওক।' অৱশ্য এই টুইট বৰ্তমান ডিলিট কৰি দিয়া হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট হেক কৰিছে জন ৱিক নামৰ এজন লোকে।