অসম

assam

ETV Bharat / bharat

অসুৰক্ষিত দিল্লী: চিলনীচোৰে কাঢ়িলে প্ৰধানমন্ত্ৰীৰ ভতিজাৰ পাৰ্চ - PM Modi's niece gets mugged in Delhi snatchers run away with 56k cash and important documents

চি চি টিভি কেমেৰাত বন্দী হ'ল চোৰৰ ফটো ৷ তীব্ৰ গতিত দিল্লী আৰক্ষীৰ অভিযান ৷

অসুৰক্ষিত দিল্লী: চিলনীচোৰে কাঢ়িলে প্ৰধানমন্ত্ৰীৰ ভতিজাৰ পাৰ্চ

By

Published : Oct 12, 2019, 8:29 PM IST

দিল্লী, 12 অক্টোবৰ: অপৰাধৰ ক্ষেত্ৰত দৈনিক নতুন ৰেৰ্কড গঢ়িছে দেশৰ ৰাজধানী নতুন দিল্লীয়ে ৷ শেহতীয়াকৈ দেশৰ ৰাজধানীত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷ সাধাৰণ লোকৰ কথা বাদেই দিল্লীত খোদ প্ৰধান মন্ত্ৰী মোদীৰ ভতিজাকও বাচি নগল চোৰৰ কবলৰ পৰা ৷ শুকুৰবাৰে ৰাজধানী চহৰখনৰ চিভিল লাইন অঞ্চলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভতিজাক দাময়ন্তিবেন মোদীৰ পাৰ্চ, 56 হাজাৰ টকা নগদ ধনৰ সৈতে গুৰুত্বপূৰ্ণ নথিপত্ৰ লুটি নিলে স্কুটিত অহা দুটা চিলনীচোৰে ৷

ঘটনা অনুসৰি শনিবাৰে পুৱা পৰিয়ালৰ সৈতে অমৃতসৰৰ পৰা আহি পুৰণি দিল্লীৰ ৰেলৱে ষ্টেচনত উপস্থিত হৈছিল দাময়ন্তিবেন মোদী ৷ তাৰ পৰা পোনে পোনে অটো যোগে চিভিল লাইনৰ গুজৰাট সমাজ সদনৰ দিশে অগ্ৰসৰ হৈছিল পৰিয়ালটি ৷ কিন্তু গুজৰাট সদন পোৱা মাত্ৰকে প্ৰধান মন্ত্ৰীৰ ভতিজাকে অটৱালাক পইচা দিবলৈ নিজৰ পাৰ্চ উলিওৱা পাছমূহূৰ্ততে এখন তীব্ৰবেগী স্কুটিত অহা দুই চোৰে কাঢ়ি নিয়ে দাময়ন্তিবেন মোদীৰ পাৰ্চ ৷ ঘটনা সংঘটিত কৰিয়েই অন্তৰ্ধান হৈ পৰে স্কুটিসহ দুই চিলনীচোৰ ৷

ঘটনাৰ পাছত দাময়ন্তিবেন মোদীৰ পৰিয়ালে চিভিল লাইন থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পাছতেই অপৰাধীক বিচাৰি অভিযান আৰম্ভ কৰে দিল্লী আৰক্ষীয়ে ৷ ইতিমধ্যে চি চি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি চিলনীচোৰ দুটাৰ মুখমণ্ডল চিনাক্ত কৰি তেওঁলোকৰ সন্ধানত ৰাজধানীৰ বিভিন্ন অঞ্চলত সন্ধান অভিযান চলাইছে দিল্লী আৰক্ষীয়ে ৷ ফুটেজটোত দুই চিলনীচোৰক দাময়ন্তিবেনৰ পৰা পাৰ্চ কাঢ়ি পলাইযোৱা দেখা গৈছে ৷ আৰক্ষীয়ে এতিয়ালৈকে স্কুটিৰ নম্বৰ চিনাক্ত কৰিব পৰা নাই যদিও দুই চিলনী চোৰ 18ৰ পৰা 20 বছৰীয়া যুৱক বুলি স্পষ্ট কৰিছে ৷

উল্লেখযোগ্য যে, নিৰাপত্তাৰক্ষীৰে ভৰি থকা নতুন দিল্লীৰ উপ-ৰাজ্যপাল ভৱনৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বত সংঘটিত এই ঘটনাই নতুন দিল্লীত থকা কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ পুনৰ এবাৰ উদঙাই দিছে ৷ অপৰাধী দুজনৰ ফটো দিল্লী আৰক্ষীয়ে ইতিমধ্যে বিভিন্ন গ্ৰুপ সমূহলৈ প্ৰেৰণ কৰিছে ৷ অতি শীঘ্ৰেই অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ দিল্লী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details