অসম

assam

ETV Bharat / bharat

কৰ'ণাভাইৰাছ আতংক : প্ৰধানমন্ত্ৰী মোডীৰ ঢাকা ভ্ৰমণ বাতিল - B'desh reports 3 coronavirus cases

বাংলাদেশত তিনিটা কৰ'ণাভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ পাচতে ঢাকা ভ্ৰমণ বাতিল প্ৰধানমন্ত্ৰী মোডীৰ ৷ বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীও বাতিল কৰাৰ কথা ঘোষণা কৰিছে বাংলাদেশ চৰকাৰে ৷

কৰ'ণাভাইৰাছ আতংক
প্ৰধানমন্ত্ৰী মোডীৰ ঢাকা ভ্ৰমণ বাতিল

By

Published : Mar 9, 2020, 5:48 PM IST

নেশ্যনেল ডেস্ক, 9 মাৰ্চ :বাংলাদেশত 3 টা কৰ'ণাভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ পাচতে অহা সপ্তাহৰ ঢাকা ভ্ৰমণ বাতিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সোমবাৰে এক চৰকাৰী সূত্ৰই সংবাদ মাধ্যমক এই কথা প্ৰকাশ কৰে ৷ ইয়াৰোপৰি, 17 মাৰ্চত মোডী উপস্থিত থাকিবলগা বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীও বাতিল কৰাৰ কথা ঘোষণা কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে ৷

উল্লেখ্য যে, দেওবাৰে বাংলাদেশে তিনিজন লোক কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ কথা ঘোষণা কৰিছিল ৷ আক্ৰান্ত তিনিজন লোকৰ দুজনেই ইটালীৰ পৰা উভতি অহাৰ পাচতে আক্ৰান্ত হোৱা বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ IEDCR (Director of the Institute of Epidemiology Disease Control and Research) ছাব্ৰিনা ফ্লৰাই জানিবলৈ দিয়া অনুসৰি, আক্ৰান্ত লোককেইজন 20 ৰ পৰা 35 বৰ্ষৰ ভিতৰত হোৱাৰ লগতে ইয়াৰে দুজন পুৰুষ আৰু এগৰাকী মহিলা ৷

আনহাতে, চীন, ইটালী, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, ইৰান আৰু থাইলেণ্ডৰ পৰা উভতি অহা বাংলাদেশী নাগৰিকক ৰোগ প্ৰতিৰোধী কক্ষত (Quarantine) 14 দিনৰ বাবে থাকিবলৈ অনুৰোধ জনাইছে বাংলাদেশ চৰকাৰে ৷ এই দেশকেইখনৰ পৰা উভতি অহা বাংলাদেশী নাগৰিকসকলক বিমানবন্দৰত থাৰ্মেল স্কেনাৰৰ দ্বাৰা পৰীক্ষা কৰা হৈছে ৷

এই ৰোগক প্ৰতিৰোধ কৰাৰ ক্ষমতা দেশখনৰ আছে সেয়েহে দেশবাসীক চিন্তিত নহ'বলৈও আহ্বান জনাইছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী ছেইখ হাছিনাই ৷

উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই (WHO) প্ৰদান কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে বিশ্বৰ 100 খন বিভিন্ন দেশৰ প্ৰায় 1,07,000 লোক কৰ'ণাভাইৰাছত আক্ৰান্ত হৈছে ৷

আৰু পঢ়ক :কেভিন পিটাৰচেনৰ অসম ভ্ৰমণৰতৰ কিছু আলোকচিত্ৰ

ABOUT THE AUTHOR

...view details