অসম

assam

By

Published : Dec 1, 2020, 12:44 PM IST

ETV Bharat / bharat

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট যোগে নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায় ৷ ১৯৬৩ চনত ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰা নাগালেণ্ড হৈছে এক বিচিত্ৰময় অঞ্চল য'ত বহুতো জনগোষ্ঠীয় লোকে বসবাস কৰে বুলি টুইট যোগে উল্লেখ কৰে ৷

PM Modi wishes people of Nagaland on statehood day
নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

নতুন দিল্লী,1 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায় ৷ এক টুইট যোগে মোডীয়ে কয়, নাগালেণ্ডৰ ভাই-ভনী সকললৈ মোৰ তৰফৰ পৰা প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনালো ৷ তেওঁলোকৰ সাহস আৰু দয়াশীলতাৰ বাবে তেওঁলোক জনাজাত ৷ তেওঁলোকৰ সংস্কৃতি দৃষ্টান্তসূচক আৰু সেয়েহে ভাৰতৰ প্ৰগতিত তেওঁলোকৰ অৱদান অপৰিসীম। সেই বাবে সদায় নাগালেণ্ডৰ উন্নয়নৰ কামনা কৰি আহিছো ৷

উল্লেখ্য যে,উত্তৰ-পূৱ ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্য নাগালেণ্ড হৈছে এক বিচিত্ৰময় অঞ্চল য'ত বহুতো জনগোষ্ঠীয় লোকে বসবাস কৰে । ১৯৬৩ চনত নাগালেণ্ডে এক ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৷

লগতে পঢ়ক:অবৈধ সুৰা ভৰ্তি বাহনৰ খুন্দাত আহত ছাত্ৰ

ABOUT THE AUTHOR

...view details