নেশ্যনেল ডেস্ক, ২২ অক্টোবৰ: আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৫৬ সংখ্যক ওপজা দিন। আধুনিক ৰাজনীতিৰ 'চাণক্য' হিচাপে পৰিচিত অমিত শ্বাহৰ কৰ্মস্পৃহাৰ শলাগ লৈ ওপজা দিনৰ শুভকামনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটযোগে শুভেচ্ছা জনাই দেশৰ উন্নতিৰ বাবে কল্যাণমূলক কামত শ্বাহৰ অৱদানৰো শলাগ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, 'ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰাত অমিত শ্বাহৰ ভূমিকা প্ৰশংসনীয়।' অমিত শ্বাহে ২০১৪ চনৰ পৰা ৫ বছৰৰো অধিক সময় দলটোৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছিল।
তেওঁৰ নেতৃত্বতে বি জে পিয়ে অপ্ৰতিদ্বন্দী দল হিচাপে পৰিগণিত হোৱাৰ দিশত ধাৱমান হৈছিল। পূৰ্বে আন দলৰ শাসনাধীন বহু ৰাজ্য বি জে পিৰ দখললৈ আহিছিল। দ্বিতীয়বাৰৰ বাবে বি জে পিয়ে কেন্দ্ৰত শাসনৰ গাদী দখল কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে অমিত শ্বাহক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্বভাৰ অৰ্পণ কৰে। ১৯৬৪ চনৰ আজিৰ দিনটোতে মুম্বাইত জন্মগ্ৰহণ কৰা অমিত শ্বাহে প্ৰথমে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে। গুজৰাটত নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হৈ থকা কালত অমিত শ্বাহ গৃহমন্ত্ৰীৰ দায়িত্বত আছিল।