অসম

assam

ETV Bharat / bharat

অৰ্থনৈতিক পৰিস্থিতি সম্পৰ্কত আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ আমন্ত্ৰণ - সংসদ

অৰ্থনৈতিক পৰিস্থিতি সম্পৰ্কত আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সকলোকে দেশৰ অৰ্থনীতি উন্নত কৰিবৰ বাবে পৰামৰ্শ দিবলৈও তেওঁ আহ্বান জনায় ৷

প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোডী

By

Published : Jan 30, 2020, 9:28 PM IST

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে মন্তব্য কৰে যে, সংসদৰ বাজেট অধিৱেশনৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনাৰ বাবে চৰকাৰ সাজু ৷ লগতে তেওঁ কয় যে, অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে সাংসদসকলৰ দাবীক চৰকাৰে গ্ৰহণ কৰিছে ৷ বাজেট অধিৱেশনৰ পূৰ্বে সকলো দলৰে মাজত অনুষ্ঠিত হোৱা বৈঠকত তেওঁ দেশৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত ধ্যান দিব লাগে বুলিও তেওঁ মন্তব্য কৰে ৷

তেওঁ কয়, "দেশৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি সম্পৰ্কত আলোচনা কৰিবলৈ সকলোকে আহ্বান কৰা হৈছে ৷ মই এই কথাৰ স্বাগতম জনাইছো আৰু সকলোৰে পৰা অৰ্থনৈতিক পৰামৰ্শ বিচাৰিছো ৷"

তেওঁ লগতে কয়, "বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত নিৱদ্ধ কৰিবৰ বাবে আমি চেষ্টা কৰা উচিত ৷ এই বাজেট অধিৱেশন আৰু নতুন বছৰৰ আৰম্ভণিতে দেশৰ অৰ্থনীতিক সঠিক পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'লে ই দেশৰ হিত সাধন কৰিব ৷"

বৈঠকত উপস্থিত সদস্যসকলে উত্থাপন কৰা বিভিন্ন বিষয় সমূহতো প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্মতি জনায় আৰু মুকলি আলোচনাৰ বাবে আমন্ত্ৰণ জনায় ৷

তেওঁ কয়, "অন্য বিষয়সমূহৰ ওপৰতো আপোনালোকে উত্থাপন কৰা দাবী সম্পৰ্কতো মই সন্মতি প্ৰদান কৰিছো ৷ মই ক'ব বিচাৰো যে, এই বিষয়বোৰতো এখন মুকলি আলোচনা অনুষ্ঠিত হ'ব লাগে ৷" প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হয় যে, বাজেট অধিৱেশন আৰু সংসদৰ গুণগত মানদণ্ড উন্নত কৰিবৰ বাবে তেওঁ সকলো সদস্যকে আহ্বান জনায় ৷

এই বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ বহু সংখ্যক নেতৃবৃন্দ উপস্থিত থাকে৷ এইসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাড যোশী, সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ভি. মুৰুলীধৰণ ৷

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ বাজেট অধিৱেশন আৰু সংসদৰ দুই সদনৰ মাজৰ এই বৈঠকত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ ৷

আৰু পঢ়ক : বাজেট 2020 : সাধাৰণ লোকৰ হাতত প্ৰদান কৰক অধিক অৰ্থ

ABOUT THE AUTHOR

...view details