নেশ্যনেল ডেস্ক,১৬ নৱেম্বৰ: সোমবাৰে ৰাজস্থানৰ পালিত শান্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জন্ম জয়ন্তীত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে 'শান্তিৰ প্ৰতিমূৰ্তি' উন্মোচন কৰি আধ্যাত্মিক গুৰুসকলক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰসাৰৰ বাবে আহ্বান জনায় । তেওঁ কয় যে, স্বাধীনতা সংগ্ৰামৰ সময়ৰ দৰে এতিয়াও আধ্যাত্মিক গুৰুসকলে 'আত্মনিৰ্ভৰ ভাৰত' বাৰ্তা সকলোৰে মাজত বিলাই দিয়া উচিত আৰু স্বদেশী বস্তু ব্যৱহাৰৰ লাভৰ বিষয়েও মানুহক সজাগ কৰা উচিত ।
দুগৰাকী 'বল্লভ', চৰ্দাৰ বল্লভ ভাই পেটেল আৰু জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ নাম লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে, 'একতাৰ প্ৰতিমূৰ্তি হিচাপে চৰ্দাৰ বল্লভ ভাই পেটেলৰ বিশ্বৰ ভিতৰত ওখ প্ৰতিমূৰ্তি উন্মোচন কৰি তেওঁ ধন্য হৈছে । লগতে তেওঁ জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ 'শান্তিৰ প্ৰতিমূৰ্তি' উন্মোচন কৰাৰো সুযোগ লাভ কৰিছে । 'ভ'কেল ফৰ লোকেল' মন্ত্ৰৰে স্বদেশী উৎপাদনত গুৰুত্ব আৰোপ কৰি অহা প্ৰধানমন্ত্ৰী গৰাকীয়ে আধ্যাত্মিক গুৰুসকলক ইয়াৰ প্ৰসাৰ কৰিবলৈ আহ্বান জনায় ।'
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা সংবাদ বিবৃতিত উল্লেখ থকা মতে মোডীয়ে কৈছে যে, 'স্বাধীনতা আন্দোলনৰ সময়ৰ দৰে এতিয়াও আধ্যাত্মিক গুৰুসকলে 'আত্মনিৰ্ভৰ ভাৰত'ৰ বাৰ্তা সকলোৰে মাজত বিলাই দিয়া উচিত আৰু স্বদেশী বস্তু ব্যৱহাৰ আৰু উৎপাদনৰ লাভৰ বিষয়েও মানুহক সজাগ কৰা উচিত ।' লগতে তেওঁ কয় যে, 'ভাৰতে সদায় শান্তি, অহিংসা আৰু মিত্ৰতাৰ বাট দেখুৱাইছে । আজি সমগ্ৰ বিশ্বয়ে এনেকুৱা পদক্ষেপৰ বাবে ভাৰতক অনুকৰণ কৰে ।