অসম

assam

ETV Bharat / bharat

7 ফেব্ৰুৱাৰীত পশ্চিম বংগত আন্তঃগাঠনিমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে - নৰেন্দ্ৰ মোদীৰ পশ্চিম বংগ ভ্ৰমণ

7 ফেব্ৰুৱাৰীত পশ্চিম বংগত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ৰাজ্যখনত প্ৰায় 8,742 কোটি টকা ব্যয় সাপক্ষে নিৰ্মান হ’বলগীয়া এটা আন্তঃগাঠনিমূলক প্ৰকল্প উদ্বোধন কৰাৰ বাবে প্ৰধানমন্ত্ৰী উপস্থিত হ’ব ৷

PM Modi to visit West Bengal on Feb 7 to dedicate infrastructural projects
7 ফেব্ৰুৱাৰীত পশ্চিম বংগত আন্তঃগাঠনিমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

By

Published : Jan 31, 2021, 9:18 PM IST

নিউজ ডেস্ক,31 জানুৱাৰী: 7 ফেব্ৰুৱাৰীত পশ্চিম বংগত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ৰাজ্যখনত প্ৰায় 8,742 কোটি টকা ব্যয় সাপক্ষে নিৰ্মান হ’বলগীয়া এটা আন্তঃগাঠনিমূলক প্ৰকল্প উদ্বোধন কৰাৰ বাবে প্ৰধানমন্ত্ৰী উপস্থিত হ’ব ৷ দেওবাৰে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷ হালদিয়াত এক তৈল প্ৰকল্পৰ বৈঠকত উপস্থিত হৈছিল মন্ত্ৰীগৰাকী ৷

প্ৰধানে টুইটযোগে কয়," প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 8,742 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ’বলগীয়া তৈল, গেছ আৰু পথ প্ৰকল্পৰ উদ্বোধন কৰাৰ পূৰ্বে আজি হালদিয়াত তৈল প্ৰকল্পৰ বৈঠকত মিলিত হও ৷ বেংগল উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হোৱাৰ বাবে উক্ত অনুষ্ঠানলৈ মই তেল প্ৰকল্পৰ সৈতে জড়িত সকলো ব্যক্তিৰে পৰিয়ালৰ লোকক মই উপস্থিত হোৱাৰ বাবে নিমন্ত্ৰণ জনালো ৷"

উল্লেখ্য যে, বিগত 23 জানুৱাৰীত পৰাক্ৰম দিৱসৰ অনুষ্ঠানৰ লগতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ 125 সংখ্যক জন্ম জয়ন্তীত অংশগ্ৰহণ কৰাৰ বাবে পশ্চিম বংগত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী ৷

লগতে পঢ়ক-বিমানকোঠ নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী, প্ৰতাৰনাৰ বলি চাকমা শৰনাৰ্থী

ABOUT THE AUTHOR

...view details