অসম

assam

ETV Bharat / bharat

মঙলবাৰে 'Getting Growth Back' আঁচনিৰ ওপৰত বক্তব্য ৰাখিব প্ৰধানমন্ত্ৰীয়ে - India Inc

মঙলবাৰে 125 বছৰ সম্পূৰ্ণ হ’ব Confederation of Indian Industry (CII) ৰ ৷ অধিবেশনত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ শীৰ্ষস্থানীয় উদ্যোগপতি সকল ৷

PM Modi to share his vision on 'Getting Growth Back' with India Inc on Tuesday
PM Modi

By

Published : May 31, 2020, 10:56 PM IST

নিউজ ডেস্ক , 31 মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক মঙলবাৰে উদ্যোগ সংস্থা CII ৰ এখন অধিবেশনত অংশগ্ৰহণৰ সময়তে তেখেতৰ আঁচনি "Getting growth Back" সম্বন্ধে তেখেতৰ মন্তব্য প্ৰদান কৰিব ৷ দেশৰ উদ্যোগখণ্ড সমূহে দেশত বলৱৎ হোৱা লকডাউন শিথিল কৰাৰ লগে লগে তেঁওলকৰ কাম-কাজ পুনৰ আৰম্ভ কৰিছে ৷ 1895 চনত প্ৰতিষ্ঠা হোৱা Confederation of Indian Industry (CII) ৰ 125 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা অধিবেশনত প্ৰধানমন্ত্ৰী গৰাকীয়ে তেখেতৰ বক্তব্য ৰাখিব ৷ অনুষ্ঠানটোত উপস্থিত থাকিব দেশৰ শীৰ্ষস্থানীয় উদ্যোগপতিসকল ৷

গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে, দেশৰ কনটেইনমেণ্ট জ'ন সমূহৰ বাহিৰে আন সকলো অঞ্চলত 8 জুনৰ পৰা "আনলক-1" আৰম্ভ কৰা হ’ব য’ত শ্বপিং মল, ৰেষ্টুৰেণ্ট আদি খোলাৰ অনুমতি প্ৰদান কৰা হ’ব ৷ দেশৰ অৰ্থনীতিবিদ তথা বিভিন্ন এজেন্সি সমূহে ইতিমধ্যে প্ৰকাশ কৰিছে যে, প্ৰায় 2 মাহ ধৰি দেশত বলৱৎ হৈ থকা লকডাউনৰ বাবে পৰৱৰ্তী সময়ত দেশৰ মুঠ ঘৰুৱা উৎপাদন অভাৱনীয়ভাৱে বৃদ্ধি পাব ৷ গুৰুত্বপূৰ্ণ যে, লকডাউনৰ পৰৱৰ্তী সময়ক দেশৰ অৰ্থনীতিক সুস্থিৰ গতি প্ৰদান কৰিবলৈ চৰকাৰে ইতিমধ্যেই 20 লাখ কোটি টকাৰ এক অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছে ৷

লগতে পঢ়কঃ ২ গৰাকী মহাকাশচাৰী লৈ পৃথিৱীৰ পৰা মহাকাশলৈ SpaceX ৰ সফল যাত্ৰা

ABOUT THE AUTHOR

...view details