নেশ্যনেল ডেস্ক,23 নৱেম্বৰঃদেশত বৃদ্ধি পোৱা কৰ’ণা মহামৰীৰ মাজতে মঙলবাৰে সামগ্ৰিক পৰিস্থিতি পৰ্যৱেক্ষণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যসমূহত ক’ভিড 19ৰ ভেকচিন বিতৰণ কাৰ্যসূচী সন্দৰ্ভটো আলোচনা কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ উপৰিও দিল্লী,হাৰিয়ানা,ৰাজস্থান,মহাৰাষ্ট্ৰ,ছত্ৰিশগড়,পশ্চিম বংগ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীৰে ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী ৷
এই বেঠকৰ পিছতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ভেকচিন বিতৰণ সন্দৰ্ভত আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ক’ভিড 19ৰ ভেকচিন বিতৰণৰ ক্ষেত্ৰত কেন্দ্ৰই যথেষ্ট খৰতকীয়া পদক্ষেপ গ্ৰহণৰ যো-জা চলাইছে যিহেতু দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা 9 মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে ৷ সোমবাৰৰ দিনটোত দেশত মুঠ 44 হাজাৰ টা ক’ভিড 19ৰ ঘটনা পোহৰলৈ আহিছে ৷