অসম

assam

পুনৰ ৰাষ্ট্ৰপতি ট্ৰাম্পেৰে মিলিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী

By

Published : Sep 24, 2019, 12:21 PM IST

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰবাৰ মিলিত হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকৰ বাবে ভ্ৰমণ কৰিলেও মঙলবাৰে দুপৰীয়া ভাগত ট্ৰাম্পৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব দুয়োগৰাকী বিশ্বনেতাই ৷

প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্প

ইন্টাৰনেশ্বনেল ডেস্ক,24 ছেপ্টেম্বৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰবাৰ মিলিত হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকৰ বাবে ভ্ৰমণ কৰিলেও মঙলবাৰে দুপৰীয়া ভাগত ট্ৰাম্পৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব দুয়োগৰাকী বিশ্বনেতাই ৷

প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্প

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কৰা মন্তব্য অনুসৰি,দুপৰীয়া 12:15 বজাত মিলিত হ'ব ট্ৰাম্প আৰু মোডী ৷

প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্প

'হাওদি মোডী' অনুষ্ঠানত 50,000 ভাৰতীয় মূলৰ আমেৰিকানক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এই অনুষ্ঠানতে একেখন মঞ্চত উপস্থিত থাকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প ৷ বিশ্বৰ দুই সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ দুই নেতাই দ্বিপাক্ষিক সম্পৰ্কক দৃঢ় আৰু গাঢ় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে ৷ এই একেখন মঞ্চতে দুয়োগৰাকী নেতাই জলবায়ু পৰিৱৰ্তন,সন্ত্ৰাসবাদ,শক্তি আৰু ব্যৱসায় সম্পৰ্কত একেধৰণৰ মত পোষণ কৰা পৰিলক্ষিত হয় ৷

'হাওদি মোডী' অনুষ্ঠান

'হাওদি মোডী' অনুষ্ঠান সম্বোধনৰ পাছতে দুই নেতাই হাতত হাত ধৰি এন আৰ জি ষ্টেডিয়াম ভ্ৰমণ কৰা দেখা যায় ৷

উল্লেখ্য যে,সোমবাৰে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন অধিবেশনত উপস্থিত থাকে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে জলবায়ু সংৰক্ষণ সম্পৰ্কত ভাৰতৰ পক্ষ ৰাখে ৷

ABOUT THE AUTHOR

...view details