অসম

assam

ETV Bharat / bharat

৫ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিব ৰাম মন্দিৰৰ আধাৰশিলা - অযোধ্যাৰ ৰাম মন্দিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগন্তুক ৫ আগষ্টত স্থাপন কৰিব ৰাম মন্দিৰৰ আধাৰশিলা । লগতে ৰাম মন্দিৰ পাঁচটাকৈ গম্বুজ ১৬১ ফুট উচ্চতাৰ নিৰ্মাণ কৰা হ'ব বুলি শনিবাৰে অনুষ্ঠিত এখন বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে ।

ৰাম মন্দিৰ
ৰাম মন্দিৰ

By

Published : Jul 19, 2020, 3:01 PM IST

নিউজ ডেস্ক, ১৯ জুলাইঃআগন্তুক ৫ আগষ্টত অযোধ্যাত স্থাপন কৰা হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্থাপন কৰিব এই আধাৰশিলা । মোডীক ৩ আৰু ৫ আগষ্টৰ ভিতৰত যিকোনো এটা তাৰিখ আধাৰশিলা স্থাপনৰ বাবে বাছনি কৰিব দিয়া হৈছিল যদিও মোডীয়ে ৫ আগষ্ট বাছনি কৰে বুলি দেওবাৰে সদৰি কৰে এক বিশেষ সূত্ৰই ।

৫ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিব ৰাম মন্দিৰৰ আধাৰশিলা

আনহাতে, শনিবাৰে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে অনুষ্ঠিত কৰা এখন বৈঠকত ৰাম মন্দিৰ পাঁচটাকৈ গম্বুজ ১৬১ ফুট উচ্চতাৰ নিৰ্মাণ কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ।

৫ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিব ৰাম মন্দিৰৰ আধাৰশিলা

শনিবাৰে অনুষ্ঠিত এই বৈঠকত সভাপতিত্ব কৰে ট্ৰাষ্টৰ সভাপতি নৃত্যা পোৱালে । ট্ৰাষ্টৰ সকলো সদস্যৰ উপস্থিত ২ ঘণ্টাতকৈ অধিক সময় ধৰি অনুষ্ঠিত এই বৈঠকত মন্দিৰ নিৰ্মাণৰ সংক্ৰান্তীয় সকলো বিষয় আলোচনা কৰা হয় । ৰাম মন্দিৰৰ ডিজাইনৰ ওপৰতো চৰ্চা কৰা হয় উক্ত বৈঠকত । তাৰোপৰি ৰাম মন্দিৰ বিশ্ব হিন্দু পৰিষদে প্ৰস্তাৱ কৰা ডিজাইনৰ আধাৰতে নিৰ্মাণ কৰা হ'ব যদিও মন্দিৰটোৰ দৈৰ্ঘ্য, প্ৰস্থ তথা উচ্চতা বৃদ্ধি কৰা হ'ব । মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ বাবে প্ৰায় ৩ বছৰ ৬ মাহ সময়ৰ প্ৰয়োজন হ'ব । আনহাতে,বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা সংকটৰ ফলত চলা লক ডাউনৰ বাবেই ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য স্থগিত কৰা হয় বুলি জানিবলৈ দিয়ে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে ।

ABOUT THE AUTHOR

...view details