নেশ্যনেল ডেস্ক, 23 জুলাই : বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে মণিপুৰৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে 1,42,749 টা আৱাসৰ 1,185 টা বস্তিক সাঙুৰি লোৱাৰ হেতু পানীৰ টেপ ব্যৱস্থা (FHTCs)ৰ সংযোজন কৰিবলৈ জল জীৱন মিছনৰ অধীনত মণিপুৰ চৰকাৰলৈ পুঁজি প্ৰদান কৰে ৷
মণিপুৰ পানী যোগান প্ৰকল্প হৈছে এক বহিৰাগত বিত্তীয় প্ৰকল্প, যাক গ্ৰেটাৰ ইম্ফল যোজনা ক্ষেত্ৰ, 25 খন চহৰত FHTCs প্ৰদান কৰিবৰ বাবে আৰ্হি প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ লগতে, 1,731 টা গ্ৰাম্য বস্তিৰ বাবে মণিপুৰৰ 16 খন জিলাৰ 2,80,756 টা আৱাসক সাঙুৰি লোৱা হৈছে ৷
আগন্তুক 2024 চনলৈ ‘হৰ ঘৰ জল’ৰ লক্ষ্য প্ৰাপ্তিৰ বাবে এয়া হৈছে ৰাজ্য চৰকাৰৰ প্ৰয়াসৰ এক গুৰুত্বপূৰ্শ প্ৰকল্প ৷ নতুন উন্নত বেংকৰ বিত্তীয় পোষিত ঋণৰ বাবে এই প্ৰকল্পৰ ব্যয় প্ৰায় 3054.58 টকা ৷