অসম

assam

ETV Bharat / bharat

স্বামিতভা আঁচনিৰ অন্তৰ্গত সম্পত্তি কাৰ্ডৰ বিতৰণৰ শুভাৰম্ভ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে স্বামিতভা আঁচনিৰ অধীনত সম্পত্তি কাৰ্ডৰ বিতৰণৰ শুভাৰম্ভ কৰে ৷ এই আঁচনিৰ জৰিয়তে প্ৰায় এক লাখ সম্পত্তি ধাৰকে নিজৰ ম’বাইলৰ জৰিয়তে এছএমএছৰ লিংকৰ সহায়ত এই কাৰ্ড ডাউনলোড কৰিব পাৰিব ৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰৰ সৈতে এই প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে একাংশ হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰে ৷

PM Modi launches physical distribution of property cards under 'SVAMITVA' scheme
স্বামিতভা আঁচনিৰ অন্তৰ্গত সম্পত্তি কাৰ্ডৰ বিতৰণৰ শুভাৰম্ভ

By

Published : Oct 11, 2020, 10:58 PM IST

নতুন দিল্লী,11 অক্টোবৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ স্বামিতভা আঁচনিৰ অধীনত সম্পত্তি কাৰ্ডৰ বিতৰণৰ শুভাৰম্ভ কৰে ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা কৰা এক বিবৃতিত এই আঁচনিৰ জৰিয়তে প্ৰায় এক লাখ সম্পত্তি ধাৰকে নিজৰ ম’বাইলৰ জৰিয়তে এছএমএছৰ লিংকৰ সহায়ত এই কাৰ্ড ডাউনলোড কৰিব পাৰিব বুলি প্ৰকাশ কৰা হৈছে ৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰৰ সৈতে এই প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে একাংশ হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰে ৷

স্বামিতভা আঁচনি পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ এক কেন্দ্ৰীয় ক্ষেত্ৰ আঁচনি যি চলিত বৰ্ষৰ 24 এপ্ৰিলত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিল ৷ এই আঁচনিয়ে উত্তৰ প্ৰদেশৰ 346 খন পঞ্চায়তৰ সৈতে ৰাজ্যখনৰ 763 খন গাঁও, হাৰিয়ানাৰ 221 খন, মহাৰাষ্ট্ৰৰ 100 খন, মধ্য প্ৰদেশৰ 44 খন, উত্তৰাখণ্ডৰ 50 খন আৰু কৰ্ণাটকৰ দুখন গাঁৱক সামৰি লব ৷

মহাৰাষ্ট্ৰক বাদ দি বাকীকেইখন ৰাজ্যই এদিনৰ ভিতৰতে এই কাৰ্ড লাভ কৰিব ৷ কিছু আনুষংগিক কাৰণৰ বাবে মহাৰাষ্ট্ৰৰ হিতাধিকাৰীসকলে প্ৰায় এমাহৰ ভিতৰত এই কাৰ্ড লাভ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰে ৷

লগতে চাওকঃহাথৰস কাণ্ড : CBI য়ে গ্ৰহণ কৰিলে তদন্তৰ দায়িত্ব

ABOUT THE AUTHOR

...view details