অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশত নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে 'আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান'

উত্তৰ প্ৰদেশত কৰ্মসংস্থাপন তথা স্থানীয় উদ্যোক্তা বৃদ্ধি কৰাৰ লক্ষ্যৰে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে ' আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান' । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ উপস্থিতিত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে মুকলি কৰে প্ৰধান মন্ত্ৰী মোডীয়ে ।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশত নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে " আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান"

By

Published : Jun 26, 2020, 1:50 PM IST

নিউজ ডেস্ক, ২৬ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত উত্তৰ প্ৰদেশত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে মুকলি কৰে "আত্মনিৰ্ভৰ ৰোজগাৰ অভিযান" । নিৱনুৱা সমস্যা সমাধানৰ বাবে মুকলি কৰা এই অভিযানত উপস্থিত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ।

উত্তৰ প্ৰদেশত নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে " আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান"

এই অভিযানৰ জৰিয়তে নিবনুৱাসকলক কৰ্মসংস্থাপন দিয়াৰ উপৰিও স্থানীয় সংগঠ আৰু অন্য সংগঠৰ সৈতে সহযোগ কৰি উদ্যোক্তাসকলৰ ব্যৱসায় উন্নত কৰা ।

কেন্দ্ৰীয় চৰকাৰ বিভিন্ন মাধ্যমসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যৰে ঘোষণা কৰে আত্ম নিৰ্ভৰ অভিযান আঁচনি । লগতে ২০ জুনৰ পৰা সমগ্ৰ দেশত শ্ৰমিকসকলক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যেৰে মুকলি কৰে "কল্যাণ ৰোজগাৰ অভিযান"।

আনহাতে, মহামাৰী কৰ'ণা বাবে দেশজুৰি চলা লক ডাউনৰ সময়ত উত্তৰ প্ৰদেশলৈ ঘূৰি আহে মুঠ ৩০ লাখ লোক । তাৰ ভিতৰত উত্তৰ প্ৰদেশৰ ৩১ খন জিলালৈ প্ৰায় ২৫,০০০ ৰো অধিক লোক ঘূৰি প্ৰৱাসী শ্ৰমিক ঘূৰি আহে বুলি সদৰি কৰে ৰাজ্য চৰকাৰে ।

ইয়াৰ ভিতৰত পাঁচখন উন্নত জিলা অন্তৰ্ভুক্ত বুলিও সদৰি কৰে । আনহাতে, উত্তৰ প্ৰদেশৰ চৰকাৰে উদ্যোগ আৰু অন্য সংগঠনৰ সৈতে সহযোগ হৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কাৰ্যসূচী বৃদ্ধি কৰাৰ মাধ্যমেৰে প্ৰথম পদক্ষেপ হিচাপে "আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান"ৰ পৰিকল্পনা কৰে ।

উল্লেখ্য যে, মহামাৰী COVID-19য়ে বিশেষকৈ সামন্য আৰু প্ৰৱাসী শ্ৰমিকসকলৰ কৰ্ম ব্যৱস্থাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই । মহামাৰী COVID-19ৰ বাবেই বহু সংখ্যক শ্ৰমিক গৃহ ৰাজ্য উত্তৰ প্ৰদেশলৈ উভতি আহে ।

লগতে পঢ়ক : দিল্লীত ৮০ টকা অতিক্ৰম কৰিলে পেট্ৰ'ল-ডিজেলৰ মূল্য়ই

ABOUT THE AUTHOR

...view details