নিউজ ডেস্ক, 11 মে':54 দিনীয়া লক্ ডাউনৰ অন্তিম সপ্তাহত উপস্থিত হৈছে ভাৰত । এই সময়চোৱাত সোমবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰ্থনৈতিক দিশটোৰ ওপৰত এক বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে মিলিত হ'ব ।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জনোৱা আনুসৰি বিয়লি 3 বজাত অনুষ্ঠিত হ'ব এই বৈঠক । বিগত বাৰৰ দৰেই ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা এই বৈঠক অনুষ্ঠিত হ'ব । লক্ ডাউনৰ সময়চোৱাত পঞ্চমবাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে মিলিত হ'ব মোডী ।
কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ ভাৰতত 25 মাৰ্চৰ পৰা 14 এপ্ৰিললৈ প্ৰথম পৰ্যায়ত লক্ ডাউন ঘোষণা কৰা হৈছিল, য'ত সকলো উদ্যোগ তথা অৰ্থনৈতিক কাৰ্যকলাপ বন্ধ হৈ পৰে । ৰোগ সংক্ৰমণ বৃদ্ধি হোৱাত 14 এপ্ৰিলৰ পৰা 3 মে'লৈ লক্ ডাউন পুনৰ বঢ়াই দিয়া হয় । এই সময়চোৱাটো বন্ধ থাকে সকলো, যাৰ বাবে অৰ্থনৈতিক ভাবে বহু ক্ষতি হয় দেশৰ ।