অসম

assam

ETV Bharat / bharat

আজি ১৫ খন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক - লক ডাউন

লক ডাউনৰ শিথিলতাৰ পাচতে দ্ৰুত গতিত বৃদ্ধি পোৱা মহামাৰী কৰ'ণা সন্দৰ্ভত ১৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালৰ সৈতে বুধবাৰে ভিডিঅ' কনফাৰেঞ্চযোগে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

নৰেন্দ্ৰ মোডী
কৰ'ণা সন্দৰ্ভত ১৫ খন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

By

Published : Jun 17, 2020, 9:52 AM IST

নিউজ ডেস্ক, ১৭ জুনঃ সমগ্ৰ দেশজুৰি অপ্ৰতিৰোধ্যভাৱে বৃদ্ধি পাইছে মহামাৰী কৰ'ণা ভাইৰাছ । লক ডাউন শিথিল কৰাৰ পাচৰে পৰা অধিক হাৰত বৃদ্ধি পাইছে ইয়াৰ ভয়াৱহতা । এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ তথা প্ৰতিৰোধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বুধবাৰে বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ১৫ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে জম্মু-কাশ্মীৰৰ প্ৰতিনিধিৰ সৈতেও মত-বিনিময় কৰিব বুলি জানিবলৈ দিয়ে । মহাৰাষ্ট্ৰ, পশ্চিম বংগ, দিল্লী, কৰ্ণাটক, গুজৰাট, বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি কৰ'ণাৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মত-বিনিময় কৰিব বুলি সদৰি কৰে ।

কৰ'ণা সন্দৰ্ভত ১৫ খন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

ইয়াৰ পূৰ্বে অৰ্থাৎ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পঞ্জাৱ,কেৰালা, গোৱা, উত্তৰাখণ্ড, ঝাৰখণ্ড, পূৰ্ব-উত্তৰ ৰাজ্য আৰু কিছু সংখ্যক কেন্দ্ৰীয় শাষিত অঞ্চলসহ মুঠ ২১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপৰাজ্যপাল আৰু প্ৰশাসনৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ আয়োজন কৰিছিল ।

ভিডিঅ' কনফাৰেন্সত মহামাৰী কৰ'ণাৰ পৰা যুঁজ দিয়াৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একত্ৰিত হৈ দৃঢ়তাৰে ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ আগবাঢ়িব বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, ভাৰতত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৩,৩২ লাখতকৈ অধিক হোৱাৰ উপৰিও ভাইৰাছত আক্ৰান্তৰ হৈ মৃত্যু হোৱাৰ সংখ্যা মুঠ ৯,৫২০ গৰাকী বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে ।

ABOUT THE AUTHOR

...view details