অসম

assam

By

Published : Nov 30, 2020, 8:28 AM IST

ETV Bharat / bharat

আজি বাৰাণসীলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

সোমবাৰে বাৰাণসীত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ উপস্থিত হৈয়ে 2,447 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৭৩ কিলোমিটাৰ ঘাই পথটো উদ্বোধন কৰিব মোডীয়ে ৷

pm-modi-to-inaugurate-widened-nh-stretch-attend-dev-deepawali-in-varanasi-today
আজি বাৰাণসীলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক, 30 নৱেম্বৰ : সোমবাৰে নিজ লোকসভা সমষ্টি বাৰাণসীত উপস্থিত থাকিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বাৰাণসীত উপস্থিত হৈয়ে নতুনকৈ নিৰ্মাণ কৰা 19 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাণ্ডিয়া-ৰাজতালাব অংশটো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, সৰ্বমুঠ 2,447 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ৭৩ কিলোমিটাৰ এই ঘাই পথটো ৷ ছয় লেন যুক্ত এই 19 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে এলাহাবাদ আৰু বাৰাণসীৰ দূৰত্ব প্ৰায় এঘন্টালৈ হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

তদুপৰি দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে সোমবাৰে কাশী বিশ্বনাথ মন্দিৰ প্ৰকল্প, সাৰনাথ পুৰাতাত্বিক স্থান আদি ভ্ৰমণ কৰিব ৷ ইয়াৰ পিচতে প্ৰধান মন্ত্ৰী মোডীয়ে দেৱ দিপাৱলীত উপস্থিত থাকিব বুলি সদৰি কৰিছে বাৰাণসীৰ প্ৰশাসনে ৷

লগতে পঢ়কঃJEE কাণ্ডকলৈ মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details