অসম

assam

ETV Bharat / bharat

প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে - প্ৰবাসী ভাৰতীয় সন্মান বঁটা

শনিবাৰে প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ 2021 বৰ্ষৰ প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ বিষয়বস্তু হ’ল ‘আত্মনিৰ্ভৰ ভাৰতলৈ অবদান’ ৷

PM Modi to inaugurate Pravasi Bharatiya Divas convention today
প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

By

Published : Jan 9, 2021, 10:53 AM IST

নেশ্যনেল ডেস্ক,9 জানুৱাৰী: শনিবাৰে এক ভিডিঅ’ কনফাৰেঞ্চযোগে প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত এই সন্মিলনখনে সাগৰৰ সিপাৰে থকা ভাৰতীয় লোকসকলৰ সৈতে সংযোগ স্থাপনৰ এক মঞ্চ প্ৰদান কৰিব ৷ প্ৰাণৱন্ত প্ৰবাসী সম্প্ৰদায়ৰ অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে সমগ্ৰ চলি থকা কৰ’ণা মহামাৰীৰ মাজতো 16 সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনখন আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি এক বিবৃতিত কয় ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ৷

2021 বৰ্ষৰ প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ বিষয়বস্তু হ’ল ‘আত্মনিৰ্ভৰ ভাৰতলৈ অবদান’ ৷ এইবেলি এই সন্মিলনখন ভাৰ্চুৱেলী অনুষ্ঠিত কৰা হ’ব ৷ এই সন্মিলনতে ‘ভাৰত কো জানিয়ে’ শীৰ্ষক কুইজৰ বিজয়ী প্ৰাৰ্থীৰো নাম ঘোষণা কৰা হ’ব ৷

উদ্বোধনী অনুষ্ঠানটো দুটাকৈ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব ৷ প্ৰথম কাৰ্যসূচী হিচাপে ‘আত্মনিৰ্ভৰ ভাৰতত প্ৰবাসী ভাৰতীয়ৰ ভূমিকা’ শীৰ্ষক আলোচনাৰ সম্বোধন কৰিব বৈদেশীক মন্ত্ৰী এছ জয়শংকৰে ৷ আনহাতে, দ্বিতীয়টো কাৰ্যসূচী স্বাস্থ্য,অৰ্থনীতি,সমাজিক আৰু আন্তৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত ক’ভিডৰ পিছৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰিব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীয়ে ৷ আৰু শেষত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিদায় ভাষণ প্ৰদান কৰিব ৷

এই সভাতেই প্ৰবাসী ভাৰতীয় সন্মান বঁটা 2020-21 প্ৰদান কৰা হ’ব ৷ উল্লেখ্য যে, ভাৰত আৰু বিদেশত বিভিন্ন ক্ষেত্ৰত অবদান আগবঢ়াই অহা প্ৰবাসী ভাৰতীয়ক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয় ৷

লগতে পঢ়ক-বিৰোধীয়ে কৃষক আন্দোলনক ৰাজনীতিকৰণ কৰিছে : গজেন্দ্ৰ সিং শেখাৱট

ABOUT THE AUTHOR

...view details