অসম

assam

ETV Bharat / bharat

আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে - পুৱা 11 বজাত এই পাইপলাইনৰ উদ্বোধনী

আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে পুৱা 11 বজাত এই পাইপলাইনৰ উদ্বোধনী কৰা হ'ব ৷

PM Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

By

Published : Jan 5, 2021, 6:39 AM IST

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 5 জানুৱাৰীত মুকলি কৰিব কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন ৷ এক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে পুৱা 11 বজাত এই পাইপলাইনৰ উদ্বোধনী কৰা হ'ব ৷

প্ৰধানমন্ত্ৰীৰ উপৰি এই অনুষ্ঠানত উপস্থিত থাকিব কৰ্ণাটকৰ ৰাজ্যপাল বাজুভাই বালা, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ৱাই. এছ. য়েডিয়ুৰাপ্পা, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়ন আৰু পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, তীখা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷

এই পাইপলাইনৰ জৰিয়তে জনসাধাৰণে PNG আৰু পৰিবহণ ছেক্টৰে CNG অতি কম মূল্যতে লাভ কৰিবলৈ সক্ষম হ'ব ৷

কোচিৰ পুথুবিপ্পিনৰ CNG টাৰ্মিনেলৰ পৰা আৰম্ভ হোৱা এই পাইপলাইন কেৰালাৰ থিছুৰ, পাল্লাকাড. মালাপ্পুৰম, কান্নুৰ আৰু কাছাৰাগোড জিলাই দি গৈ কৰ্ণাটকৰ মাংগালুৰুত অন্ত পৰিব ৷ এই পাইপলাইন 450 কিল'মিটাৰ দীঘল ৷

লগতে পঢ়ক :ভাৰতত অচিৰেই আৰম্ভ হ'ব বিশ্বৰ সৰ্ববৃহৎ ইন'কুলেচন ড্ৰাইভঃ নৰেন্দ্ৰ মোডী

ABOUT THE AUTHOR

...view details