অসম

assam

By

Published : Oct 24, 2020, 8:22 AM IST

ETV Bharat / bharat

গুজৰাটত বহুকেইটা প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

গুজৰাটত ভিডিঅ’ কনফাৰেন্সযোগে ‘কিষাণ সূৰ্যোদয় যোজনা’ আঁচনি, Paediatric Heart Hospital, টেলি-কাৰ্ডিঅ’লজীৰ বাবে এক মোবাইল এপ্লিকেশ্যন আৰু গিৰ্ণাৰত ৰোপৱে’ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

Modi to inaugurate key projects in Gujarat today
গুজৰাটত বহুকেইটা প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

নিউজ ডেস্ক, 24 অক্টোবৰ : আজি গুজৰাটত ভিডিঅ’ কনফাৰেন্সযোগে কেইবাটাও বৃহৎ প্ৰকল্পৰ উদ্বোধনী কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, তেওঁ ৰাজ্যখনৰ কৃষক সমাজৰ বাবে ‘কিষাণ সূৰ্যোদয় যোজনা’ আঁচনি মুকলি কৰিব ৷ ইয়াৰ লগতে UN Mehta Institute of Cardiology and Research Centreৰ সৈতে সংসগ্ন Paediatric Heart Hospitalৰ মুকলি কৰিব আৰু টেলি-কাৰ্ডিঅ’লজীৰ বাবে এক মোবাইল এপ্লিকেশ্যন, গিৰ্ণাৰত ৰোপৱে’ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷

আনহাতে, কিষাণ সূৰ্যোদয় যোজনা আঁচনিৰ অধীনত কৃষকসকলে প্ৰতিদিনে পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ বিদ্যুৎ লাভ কৰিব ৷ গুজৰাট চৰকাৰে এই আঁচনিৰ অধীনত 2023 চনলৈ ট্ৰান্সমিছন ইনফ্ৰাষ্ট্ৰাক্সাৰ স্থাপন কৰাৰ হেতু 3,500 কোটি টকাৰ বাজেট আৱণ্টন কৰিছে ৷ 234 ‘66-কিলোৱাট’ৰ ট্ৰান্সমিছন লাইনৰ সৈতে মুঠ 3,490 চাৰ্কুইট কিলোমিটাৰ (CKM) প্ৰকল্প নিৰ্মাণ কৰিব ৷

দাহোদ, পাটন, মহিসাগৰ, মঞ্চমহল, চোটা উদেপুৰ, খেড়া, তাপী, বলচাদ, আনন্দ আৰু গীৰ-সোমনাথকো 2020-21ৰ বাবে এই প্ৰকল্পত অন্তৰ্ভূক্ত কৰা হৈছে ৷ আনহাতে, মুকলি কৰিবলগীয়া Paediatric Heart Hospital খন ভাৰতৰ সৰ্ববৃহৎ কাৰ্ডিঅ’লজী হাস্পতাল হিচাপে পৰিগণিত হ’ব ৷ মুঠ 470 কোটি টকা ব্যয়েৰে The UN Mehta Institute of Cardiology খন সম্প্ৰসাৰণ কৰা হৈছে ৷

হাস্পতালখন সম্পূৰ্ণ হ’বলৈ 450 ৰ পৰা 1,251 কোটি টকা খৰচ হ’ব ৷ এই সংস্থাটো দেশৰ সৰ্ববৃহৎ চুপাৰ স্পেছিয়েলিটি কাৰ্ডিঅ’ক শিক্ষণ সংস্থা হিচাপে পৰিগণিত হ’ব ৷

ৰাজ্যখনৰ বৈশ্বিক পৰ্যটন মানচিত্ৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে গিৰ্ণাৰ ৰেপৱে’ৰ মুকলি কৰিব ৷ এই ৰোপৱে’ত 25-30 টা কেবিন থাকিব আৰু প্ৰতিটো কেবিনত 8 গৰাকীকৈ লোকৰ ব্যৱস্থা কৰা হৈছে ৷ ৰোপৱে’ৰ মাধ্যমেৰে মাত্ৰ 7.5 মিনিটতে 2.3 কিল'মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা যাব ৷

লগতে পঢ়ক :মোজাফপুৰৰ টাৱালিত আটক 6 দুধৰ্ষ বন্যপ্ৰাণী চোৰ

ABOUT THE AUTHOR

...view details