নিউজ ডেস্ক, 27 ডিচেম্বৰ : সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন চালকবিহীন ৰে‘ল সেৱা মুকলি কৰিব ৷ দিল্লী মেট্ৰৰ "মেজেন্টা লাইন"ত 28 ডিচেম্বৰৰ দিনৰ 11 বজাত ভিডিঅ‘ কনফাৰেঞ্চ যোগে এই সেৱাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লগতে তেখেতে "এয়াৰপৰ্ট একস্প্ৰেছ লাইন " ত এন.চি.এম.চি. সেৱাৰো শুভাৰম্ভ কৰিব ৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা কোৱা হৈছে যে, এই উন্নত ব্যৱস্থাৰ জৰিয়তে সৰ্বসাধাৰণৰ যাত্ৰাপথক সুগম বনোৱাৰ ক্ষেত্ৰত নতুন যুগৰ সুচনা কৰিব ৷ তদুপৰি সোমবাৰে উদ্বোধন হ‘বলগীয়া উক্ত চালকবিহীন ৰে‘লখন সম্পূৰ্ণৰূপে স্ব-চালিত হ‘ব, যিয়ে সকলো ধৰণৰ মানৱীয় ক্ৰুটিৰ সম্ভাৱনাক সমাপ্ত কৰিব ৷