নেশ্যনেল ডেস্ক, 1 অক্টোবৰ : 3 অক্টোবৰত বিশ্বৰ সুদীৰ্ঘ হাইৱে' সুৰংগ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ পুৱা 1 বজাত হিমাচল প্ৰদেশৰ ৰোহটাঙৰ অটল সুৰংগ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
মনালীৰ পৰা লাহৌল-স্পিতি সংযুক্ত এই সুৰংগটোৰ দৈৰ্ঘ্য 9.02 কিল'মিটাৰ ৷ উল্লেখ্য যে, প্ৰচুৰ তুষাৰপাতৰ সময়ত পূৰ্বে এই উপত্যকাটো 6 মাহ জুৰি অন্য স্থানৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থাকে ৷ এই সুৰংগৰ ফলত মনালীৰ পৰা লেহৰ দূৰত্ব 46 কিল'মিটাৰ হ্ৰাস পোৱাৰ লগতে সময় 5 ৰ পৰা 6 ঘন্টালৈ হ্ৰাস হ'ব ৷