নিউজ ডেস্ক , 26 এপ্ৰিল : অন্তিম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে উত্তৰ-প্ৰদেশৰ বাৰাণসীৰ পৰা শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰীৰ মনোনয়ন দাখিলৰ এই বিশেষ দিনটোত বিজেপি, এন ডি এ আৰু নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েঞ্চৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকি প্ৰধানমন্ত্ৰীক সংগ দিয়াৰ সম্ভাৱনা ৷
আজি মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে - বিজেপি
বাৰাণসীত ৰোড শ্ব'ৰে মোডীয়ে দাখিল কৰিব মনোনয়ন ৷ উপস্থিত থাকিব বিজেপি, এন ডি এ আৰু নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েঞ্চৰ জ্যেষ্ঠ নেতাসকল ৷
সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে বাৰাণসীত বিজেপিয়ে উলিওৱা বৃহৎ ৰোড শ্ব'ৰ পাচতে শুকুৰবাৰে পুনৰ বিশাল ৰোড শ্ব'ৰে মোডীয়ে দাখিল কৰিব মনোনয়ন ৷ বিজেপি কৰ্মীসকলে ইতিমধ্যে সাজু কৰি তুলিছে সকলো প্ৰস্তুতি ৷ কাশীৰ বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা জনায় মনোনয়ন দাখিলৰ দিশে ৰাওনা হোৱাৰ সম্ভাৱনা মোডীৰ ৷
উল্লেখ্য যে, মনোনয়ন দাখিলৰ এদিন পূৰ্বে বৃহস্পতিবাৰে বাৰাণসীত উলিওৱা ৰোড শ্ব'ত প্ৰধান মন্ত্ৰীগৰাকীৰ লগত উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, নিতিন গাডকাৰী, পীয়ুষ গোৱেলকে ধৰি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ শীৰ্ষ নেতাসকল ৷