অসম

assam

ETV Bharat / bharat

বিশ্ব যুৱ কৌশল দিৱস : যুৱ চামলৈ প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তা - কৌশল ভাৰত মিছন

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব যুৱ কৌশল দিৱস উপলক্ষ্যে এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিব ৷ প্ৰধানমন্ত্ৰীৰ এই 5 মিনিটৰ ভিডিঅ’টি পুৱা 10 বজাত সম্প্ৰচাৰ কৰা হ’ব ৷

যুৱ চামক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ বাৰ্তা
যুৱ চামক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ বাৰ্তা

By

Published : Jul 15, 2020, 9:44 AM IST

নেশ্যনেল ডেস্ক, 15 জুলাই : বিশ্ব যুৱ কৌশল দিৱসৰ সৈতে সংগতি ৰাখি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিব ৷ কৌশল ভাৰত মিছনৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষ্যে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰা পোষা প্ৰকল্প সন্দৰ্ভত ভাষণ প্ৰদান কৰিব ৷ এই প্ৰকল্পটো দেশৰ যুৱ চামৰ বাবে প্ৰস্তুত কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীৰ এই 5 মিনিটৰ ভিডিঅ’টি পুৱা 10 বজাত সম্প্ৰচাৰ কৰা হ’ব ৷

উল্লেখ্য যে, কৌশল বিকাশ আৰু উদ্যোক্তা মন্ত্ৰণালয়ৰ দ্বাৰা এক ডিজিটেল কনক্লেভৰ আয়োজন কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ তথা ‘‘ভকেল ফ’ৰ লোকেল’’ৰ দ্বাৰা তেওঁ ভাৰতীয় যুৱ চামে বিশ্বস্তৰত কৌশল প্ৰাপ্তিৰ আশা কৰিছে ৷

চৰকাৰী কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি, কৌশল ভাৰতে বিভিন্ন ক্ষেত্ৰত পাঠ্যক্ৰম প্ৰদান কৰিব, য’ত উদ্যোগ আৰু চৰকাৰ দুয়োটাই মান্যতা লাভ কৰিব পাৰিব ৷ যদি এজন যুৱকে চাকৰিত নিয়োজিত হ’বৰ বাবে প্ৰস্তুত হৈ থাকে, তেওঁক পুনৰ প্ৰশিক্ষণৰ দৰকাৰ নাই ৷

লগতে পঢ়ক : কোভিড-19 আক্ৰান্তৰ সংস্পৰ্শলৈ জীতেন্দ্ৰ সিং আৰু ৰাম মাধৱ, হোম কোৱাৰেন্টাইন

ABOUT THE AUTHOR

...view details