অসম

assam

ETV Bharat / bharat

আজি ইনভেষ্ট ইণ্ডিয়া সন্মিলনক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে - প্ৰধানমন্ত্ৰী কাৰ্য্যালয়

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক আনুষ্ঠানিক বিবৃতি অনুসৰি, 'ইনভেষ্ট ইণ্ডিয়া সন্মিলনে' কানাডিয়ান ব্যৱসায়িক সমাজক ভাৰতত বিনিয়োগ কৰাৰ সুযোগৰ এক প্ৰথম দৃষ্টিকোণ প্ৰদান কৰিব।

PM Modi to deliver keynote address at Invest India Conference today
আজি ইনভেষ্ট ইণ্ডিয়া সন্মিলনক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

By

Published : Oct 8, 2020, 3:44 PM IST

নতুন দিল্লী, 8 অক্টোবৰ: প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে ৬:৩০ বজাত কানাডাত ইনভেষ্ট ইণ্ডিয়া সন্মিলনক সম্বোধন কৰিব।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক আনুষ্ঠানিক বিবৃতি অনুসৰি, 'ইনভেষ্ট ইণ্ডিয়া সন্মিলনে' কানাডিয়ান ব্যৱসায়িক সমাজক ভাৰতত বিনিয়োগ কৰাৰ সুযোগৰ এক প্ৰথম দৃষ্টিকোণ প্ৰদান কৰিব।

বৃহস্পতিবাৰে সন্ধিয়া ৬:৩০ বজাত কানাডাত ইনভেষ্ট ইণ্ডিয়া সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য ভাষণ প্ৰদান কৰিব।

বিবৃতিটোত কোৱা হৈছে যে, "এই মঞ্চৰ উদ্দেশ্য কানাডাৰ ব্যৱসায়ীক সমাজক ভাৰতত বিনিয়োগ কৰাৰ সুযোগৰ এক প্ৰথম দৃষ্টিকোণ প্ৰদান কৰা আৰু ভাৰতক এক বিনিয়োগৰ গন্তব্য হিচাপে প্ৰদৰ্শন কৰা" ৷

এই সন্মিলনত বেঙ্ক আৰু বীমা কোম্পানীৰ প্ৰতিনিধি, বিনিয়োগ পুঁজি, বিমান পৰিবহন, ইলেক্ট্ৰনিক আৰু নিৰ্মাণ, পৰামৰ্শদাতা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ দৰে খণ্ডত কোম্পানীৰ অংশগ্ৰহণ কৰিব।

লগতে পঢ়ক: চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত গাঁওবাসী

ABOUT THE AUTHOR

...view details