অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় মেট্ৰ’লজী সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে - হৰ্ষ বৰ্ধন

ভিডিঅ’ কনফাৰেন্সযোগে ৰাষ্ট্ৰীয় মেট্ৰ’লজী সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সন্মিলনৰ মূল উদ্দেশ্য হৈছে ‘দেশৰ সাৰ্বজনীন বিকাশৰ বাবে মেট্ৰ’লজী’ ৷

PM Modi to deliver inaugural address at National Metrology Conclave
ৰাষ্ট্ৰীয় মেট্ৰ’লজী সন্মিলনৰ উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

By

Published : Jan 4, 2021, 9:37 AM IST

নেশ্যনেল ডেস্ক,4 জানুৱাৰী : সোমবাৰে ভিডিঅ’ কনফাৰেন্সযোগে ৰাষ্ট্ৰীয় মেট্ৰ’লজী সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই সন্মিলনৰ মূল উদ্দেশ্য হৈছে ‘দেশৰ সাৰ্বজনীন বিকাশৰ বাবে মেট্ৰ’লজী’ ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, ‘ৰাষ্ট্ৰীয় আণৱিক টাইমস্কেল আৰু ‘ভাৰতীয় নিৰ্দেশক দ্ৰৱ্য’ক দেশবাসীলৈ সমৰ্পণ কৰিব আৰু ‘ৰাষ্ট্ৰীয় পৰিৱেশ মানক গৱেষণাগাৰ’ৰ আধাৰশিলা স্থাপন কৰিব ।

ৰাষ্ট্ৰীয় আণৱিক টাইমস্কেলে 2.8 নেন’ছেকেণ্ডৰ সঠিকতাৰ সৈতে ভাৰতীয় মান সময় নিৰ্ধাৰণ কৰে। ভাৰতীয় নিৰ্দেশক দ্ৰৱই মানদণ্ডৰ নিশ্চিতৰূপ প্ৰদানৰ বাবে পৰীক্ষাগাৰৰ পৰীক্ষণক সমৰ্থন কৰে। ৰাষ্ট্ৰীয় পৰিবেশ মানক গৱেষণাগাৰে পাৰিপাৰ্শ্বিক বায়ু আৰু ঔদ্যোগিক নিৰ্গমন নিৰীক্ষণ সঁজুলিৰ প্ৰামাণীকৰণত সহায় কৰিব।

এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী ড৹ হৰ্ষ বৰ্ধন ৷ নতুন দিল্লীৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা-ৰাষ্ট্ৰীয় ভৌতিক প্ৰয়োগশালা (CSIR-NPL)ৰ দ্বাৰা ৰাষ্ট্ৰীয় মেট্ৰ’লজী সন্মিলন, 2021 আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক :সোমবাৰে কৃষক সংগঠনৰ সৈতে সপ্তম পৰ্যায়ৰ বৈঠকত মিলিত হ’ব কেন্দ্ৰ

ABOUT THE AUTHOR

...view details