অসম

assam

By

Published : Jul 10, 2020, 7:55 AM IST

ETV Bharat / bharat

মধ্য প্ৰদেশৰ ৰেৱাত মোডীয়ে উদ্বোধন কৰিব ৭৫০ মেগাৱাটৰ সৌৰ প্ৰকল্প

শুকুৰবাৰে মধ্য প্ৰদেশৰ ৰেৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীৰ উদ্দেশ্যে উদ্বোধন কৰিব ৭৫০ মেগাৱাটৰ সৌৰ প্ৰকল্প । এক বিবৃতিযোগে বৃহস্পতিবাৰে এই কথা সদৰি কৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ।

 ৭৫০ মেগাৱাটৰ সৌৰ প্ৰকল্প
৭৫০ মেগাৱাটৰ সৌৰ প্ৰকল্প

নিউজ ডেস্ক, ১০ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে দেশবাসীৰ উদ্দেশ্যে উদ্বোধন কৰিব মধ্যপ্ৰদেশৰ ৰেৱাত স্থাপিত ৭৫০ মেগাৱাটৰ সৌৰ প্ৰকল্প । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিযোগে সদৰি কৰিলে এই কথা । এই প্ৰকল্পৰ জৰিয়তে ২৫০-২৫০ মেগাৱাট ক্ষমতাৰ তিনিটা ইউনিট ইনষ্টল কৰা হ'ব ৷

বিবৃতি অনুসৰি, এই প্ৰকল্পটো ৰেৱা অল্ট্ৰা মেগা সৌৰ লিমিটেড (RUMSL)নামেৰে স্থাপন কৰা হৈছে । Madhya Pradesh Urja Vikas Nigam Limited (MPUVN) আৰু Central Public Sector Unit Solar Energy Corporation of India (SECI)যৌথ উদ্যোগৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প ।

আনহাতে, RUMSL সৌৰ প্ৰকল্প নিৰ্মাণৰ বাবে ১৩৮ কোটি টকাৰ কেন্দ্ৰীয় বিত্তীয় সাহাৰ্য আগবঢ়োৱা হৈছে । এই সৌৰ প্ৰকল্প দ্বাৰা উৎপন্ন বিদ্যুতৰ হাৰ প্ৰথম বছৰত প্ৰতি ইউনিটত ২.৯৭ টকা হোৱাৰ বিপৰীতে ১৫ বছৰ পৰ্যন্ত প্ৰতি ইউনিটত ০.০৫ টকালৈ বৃদ্ধি পাব । যাৰ পৰিপ্ৰেক্ষিতত আগন্তুক ২৫ বছৰ পৰ্যন্ত ৩.৩০ টকাত প্ৰতি ইউনিট জনসাধৰণে বিদ্যুৎ লাভ কৰিব পাৰিব ।

তাৰোপৰি এই সৌৰ প্ৰকল্পৰ দ্বাৰা উৎপাদন কৰা বিদ্যুতৰ ২৪ শতাংশ বিদ্যুৎ দিল্লীৰ চহৰে লাভ কৰাৰ বিপৰীতে ৭৬ শতাংশ বিদ্যুৎ মধ্য প্ৰদেশৰ ৰাজ্য বিদ্যুৎ বিতৰণ কোম্পানীক প্ৰদান কৰা হ'ব ।

লগতে চাওকঃ পাচিঘাটত ভয়ংকৰ ৰূপ লৈছে বানে

ABOUT THE AUTHOR

...view details