অসম

assam

আজি মোডীৰ নেতৃত্বত প্ৰথমখন কেবিনেট বৈঠক

By

Published : May 31, 2019, 12:36 PM IST

গধুলি ৫ বজাত বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

আজি মোডীৰ নেতৃত্বত প্ৰথমখন কেবিনেট বৈঠক

দিল্লী, ৩১ মে': বৃহস্পতিবাৰে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত নৰেন্দ্ৰ মোডীয়ে শপতগ্ৰহণ কৰাৰ পিচতে শুকুৰবাৰে দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বৈঠকত মিলিত হ'ব নৰেন্দ্ৰ মোডী । নতুনকৈ শপতগ্ৰহণ কৰা সাংসদসকলৰ সৈতে বৈঠকত মিলিত হ'ব মোডী । আজি গধুলি ৫ বজাত বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ।

নৰেন্দ্ৰ মোডীৰ লগতে সৰ্বমুঠ ৫৭ গৰাকী সাংসদক বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত শপত বাক্য পাঠ কৰায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ইতিমধ্যে বহু কেইটা বিভাগৰ দপ্তৰ বিতৰণ কৰাক লৈও এই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভৱনা আছে ৷

উল্লেখ্য যে ২৩ মে'ত ঘোষণা হোৱা লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে ৩০২ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৫২ খন আসন লাভ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details