নিউজ ডেস্ক, 19 মাৰ্চঃ বৃহস্পতিবাৰে সন্ধিয়া 8 বজাৰ পৰা কৰ'ণা ভাইৰাছৰ প্ৰসংগত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস আৰু প্ৰতিৰোধ সম্পৰ্কত দেশবাসীৰ আগত ভাষণ প্ৰদান কৰাৰ লগতে ভাইৰাছ সন্দৰ্ভত কেনেধৰণৰ সজাগতাৰ আৱশ্যক এই সম্পৰ্কে আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সদৰি কৰে এই কথা ৷
কৰ'ণা ভাইৰাছক লৈ আজি দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ - দেশবাসীক সম্বোধন নৰেন্দ্ৰ মোডীৰ
কৰ'ণা ভাইৰাছৰ প্ৰসাৰক বাধা দিবলৈ চলি থকা পৰীক্ষা-নিৰীক্ষাক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন উচ্চস্তৰীয় সমিতিৰ বৈঠকতো উপস্থিত হোৱা বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইটাৰযোগে জানিবলৈ দিয়ে ৷
কৰ'ণা ভাইৰাছৰ প্ৰসাৰক বাধা দিবলৈ চলি থকা পৰীক্ষা-নিৰীক্ষাক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন উচ্চস্তৰীয় সমিতিৰ বৈঠকতো উপস্থিত হোৱা বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইটাৰযোগে জানিবলৈ দিয়ে ৷ কৰ'ণা ভাইৰাছক লৈ ভাৰতবৰ্ষই কৰা প্ৰস্তুতিসমূহক কিদৰে অধিক শক্তিশালী কৰিব পাৰি উক্ত উচ্চস্তৰীয় সমিতিৰ সভাত এই বিষয়ে আলোচনা কৰা হয় ৷ কৰ'ণা ভাইৰাছৰ স'তে যুঁজ দিবলৈ দেশবাসীক স্থানীয় সংগঠন,সমুদায়সমূহৰ স'তে সহযোগিতা কৰি সক্ৰিয় ভূমিকা পালন কৰিবলৈ উপদেশ দিয়ে ৷
লগতে পঢ়কঃ COVID 19ৰ প্ৰভাৱঃ দাম হ্ৰাস পোৱাৰ পিছটো চাহিদা হ্ৰাস পেট্ৰ'ল,ডিজেলৰ