নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে 2019 বৰ্ষৰ অন্তিমটো 'মন কী বাত' সম্বোধন কৰিব ৷ দেওবাৰে পুৱাৰ ভাগত অনুষ্ঠিত হ'বলগা মাহেকীয়া ৰেডিঅ' অনুষ্ঠানটো হ'ব 'মন কী বাত'ৰ 60 সংখ্যক খণ্ড ৷
AIR, দূৰদৰ্শন আৰু নৰেন্দ্ৰ মোডী এপৰ জৰিয়তে দিনৰ 11 বজাত অনুষ্ঠানটো প্ৰচাৰ কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷
ইয়াৰ পূৰ্বে 24 নৱেম্বৰত প্ৰচাৰ হোৱা 'মন কী বাত' অনুষ্ঠানত মোডীয়ে দেশৰ প্ৰতিটো প্ৰান্তৰ বিদ্যালয়তে 'Fit India School grading system' উন্মোচনৰ কথা ঘোষণা কৰিছিল ৷