নিউজ ডেস্ক, ২৯ জানুৱাৰী: অতিমাৰী কৰ'ণা ভাইৰাছ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চৌদি আৰৱৰ যুৱৰাজ শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰে টেলিফোনিক বাৰ্তালাপ । অতিমাৰী সংকট কালচোৱাতো দুয়োখন দেশৰ মাজত সহযোগিতা অব্যাহত আছিল বুলি বৃহস্পতিবাৰে টেলিফোনিক বাৰ্তালাপত কথোপকথন কৰে দুয়োগৰাকী নেতাই ।
দুয়োগৰাকী নেতাৰে হোৱা বাৰ্তালাপত বাণিজ্যিক দিশৰ সম্পৰ্কতো আলোচনা কৰা হয় ।
চৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিনৰ লগতে সামৰিক বাহিনীৰ শীৰ্ষ বিষয়াৰেও মোডীৰ টেলিফোনিক বাৰ্তালাপ হয় মোডীৰ ।
চৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিনৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ লগতে প্ৰৱাসী ভাৰতীয়সকলৰ প্ৰতি মহম্মদ বিনৰ সু চিন্তাধাৰা, তেওঁলোকৰ প্ৰতি যত্ন আদিৰ বাবে বিশেষ প্ৰশংসা কৰি মোডীয়ে টুইটযোগে ধন্যবাদ জনায় যুৱৰাজ শ্বেখ মহম্মদ বিনক ।
ইয়াৰোপৰি অতিমাৰীৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পাচতো দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কটো আৰু অধিক শক্তিশালী কৰি তুলিবলৈ পৰামৰ্শ আৰু সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে বুলি টুইটত উল্লেখ কৰে মোডীয়ে ।
অতিমাৰীৰ এই সংকট যাতে অনতি পলমে সমাপ্তি ঘটে আৰু অনাগত দিনত দুয়োগৰাকী নেতাই অতি সোনকালে সাক্ষাৎৰ কৰিব বুলি প্ৰকাশ কৰে ।
লগতে পঢ়ক:পশ্চিমবংগৰ মন্ত্ৰী ইন্দ্ৰনীল সেনৰ বাসগৃহৰ সন্মুখত বোমা নিক্ষেপ