নিউজ ডেস্ক, 8 নৱেম্বৰ:আজি ভাৰতীয় জনতা পাৰ্টীৰ বিশিষ্ট ৰাজনীতিবিদ লালকৃষ্ণ আডৱাণীৰ 92 তম জন্মজয়ন্তী ৷ নেতাগৰাকীৰ জন্মদিনত তেওঁৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি দলৰ কাৰ্যবাহী অধ্যক্ষ জেপ্পী নাড্ডা, উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে ৷ টুইটাৰ যোগেও আডৱানীলৈ শুভেচ্ছা প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰীয়ে ৷
লালকৃষ্ণ আডৱাণীৰ 92 বছৰীয়া জন্মজয়ন্তী লাল কৃষ্ণ আডৱাণী এজন বিদ্বান, দৃঢ় আৰু এজন সন্মানীয় নেতা ৷ ভাৰতৰ নাগৰিকক দৃঢ় কৰাৰ দিশত আডৱাণীৰ অৱদান অসাধাৰণ ৷ তেওঁৰ জন্মদিনত দীৰ্ঘায়ু কামনা কৰি শুভেচ্ছা প্ৰদান কৰাৰ লগতে সুস্থ দেহাৰ প্ৰাৰ্থনা কৰে মোডীয়ে ৷ @BJP4India ক অধিক শক্তিশালী আৰু বৃহৎ আকাৰ দিয়াত যথেষ্ট ভূমিকা আছে লাল কৃষ্ণ আডৱাণীৰ ৷
মোডীয়ে লগতে কয়,
যেতিয়াই লোকতন্ত্ৰৰ সুৰক্ষা কথা আহিছে তেতিয়াই প্ৰথমে আগ ভাগ লয় আডৱাণীয়ে ৷ এজন নেতা হিচাপে তেওঁৰ প্ৰশাসনিক কৌশলতা প্ৰশংসনীয় ৷
লালকৃষ্ণ আডৱাণীৰ জন্মদিনত কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ অব্বাছ নকবীয়ে শুভকাভনা দিয়াৰ লগতে তেওঁৰ সুস্থ স্বাস্থ্যৰ কামনা কৰে ৷ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও নেতাগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ৷
উল্লেখ্য যে, 8 নৱেম্বৰ 1927 চনত কাৰাচীত জন্ম গ্ৰহণ কৰিছিল আডৱাণীয়ে ৷ তেওঁ 1998 চনৰ পৰা 2004 চনলৈকে গৃহমন্ত্ৰীৰ দায়িত্বত আছিল এইগৰাকী বয়োজেষ্ঠ ৰাজনৈতিক নেতা ৷ আনহাতে 2002 ৰ পৰা 2004 পৰ্যন্ত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত উপ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আডৱাণীক 2015 চনত ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্ববৃহৎ নাগৰিকৰ সন্মান পদ্ম বিভূষণেৰে বিভূষিত কৰা হৈছিল ৷