অসম

assam

ETV Bharat / bharat

ডিঙিত গামোচা লৈ ৰাঁচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যোগাসন

যোগাসনে দিয়ে সুস্থ-সবল হৈ থকাৰ শক্তি ৷ ৰাঁচীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ ৷

By

Published : Jun 21, 2019, 9:40 AM IST

Updated : Jun 21, 2019, 11:06 AM IST

ৰাঁচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যোগাসন

নিউজ ডেস্ক, 21 জুন : আজি 5ম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ যোগ দিৱস উপলক্ষে বিশ্বৰ ভিন্ন প্ৰান্তত সমূহীয়াকৈ আয়োজন কৰা হৈছে যোগাসনৰ ৷ ৰাঁচীৰ প্ৰভাত তাৰা গ্ৰাউণ্ডত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অসমীয়াৰ চিনাকী ডিঙিত গামোচা লৈ যোগাসন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি "এতিয়া মোৰ যাত্ৰা আধুনিক যোগক ডাঙৰ চহৰ-নগৰৰ পৰা গাঁৱলৈ, দুখীয়াৰ পৰা জনজাতীয়ৰ ঘৰলৈ লৈ যোৱা ৷ যোগাসনক মই দুখীয়া আৰু জনজাতীয় লোকৰ দৈনন্দিন জীৱনৰ এক অংশ হিচাপে গঢ়ি তুলিব লাগিব ৷" আজিৰ সময়ত আমাৰ জীৱনৰ মূল উদ্দেশ্য হোৱা উচিত বেমাৰৰ পৰা মুক্ত হৈ সুস্থ সবল হৈ থকাটো আৰু সুস্থ হৈ থাকিবলৈ সেই শক্তি আমি লাভ কৰিম যোগাসনৰ পৰাহে ৷ এনেদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ৰাঁচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যোগাসন

বিশ্ববাসীক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি যোগ দিৱসৰ প্ৰচাৰত সংবাদ মাধ্যমে গ্ৰহণ কৰা পদক্ষেপকো শলাগে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ৰাঁচীৰ প্ৰভাত তাৰা গ্ৰাউণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই কাৰ্যসূচীত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰাঘুবীৰ দাস লগতে বহুকেইগৰাকী মন্ত্ৰীসহ 30,000 লোকে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, আজি দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ উদ্যোগত পৃথকে পৃথকে ভিন্ন ঠাইত আয়োজন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৷

Last Updated : Jun 21, 2019, 11:06 AM IST

ABOUT THE AUTHOR

...view details