অসম

assam

ইউনিচেফৰ কাৰ্যনিৰ্বাহক আৰু মালদ্বীপছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

By

Published : Sep 24, 2019, 9:49 AM IST

সোমবাৰে মালদ্বীপছৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহৰ সৈতে মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে নিউয়ৰ্কত সাক্ষাৎ কৰে ইউনিচেফৰ কাৰ্যনিৰ্বাহক হেনৰিয়েট্টা ফ'ৰক ৷

ইউনিচেফৰ কাৰ্যনিৰ্বাহক আৰু মালদ্বীপছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 24 ছেপ্টেম্বৰ : সোমবাৰে মালদ্বীপছৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহৰ সৈতে মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই আলোচনাত দুয়োগৰাকী নেতাই ভাৰত আৰু মালদ্বীপছৰ সম্পৰ্ক দৃঢ় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মাজতে এনেদৰে দুয়োগৰাকী নেতাই মিলিত হয় ৷ ইয়াৰ লগতে তেওঁ মিলিত হ'ব জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মাৰ্কেল,ইটালীৰ ৰাষ্ট্ৰপতি আৰু কাটাৰৰ শ্বেইখ তামিম বিন হামাদৰ সৈতে ৷

ইউনিচেফৰ কাৰ্যনিৰ্বাহক আৰু মালদ্বীপছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

আনহাতে,মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে নিউয়ৰ্কত সাক্ষাৎ কৰে ইউনিচেফৰ কাৰ্যনিৰ্বাহক হেনৰিয়েট্টা ফ'ৰক ৷ ভাৰতীয় চৰকাৰে শিশুৰ স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কত ফ'ৰক এই বৈঠকতে অৱগত কৰে মোডীয়ে ৷ আন বিভন্ন জন বিশ্বনেতাৰ সৈতে মিলিত হয় প্ৰধানমন্ত্ৰী মোডী ৷ তেওঁলোকৰ ভিতৰত আছিল কলম্বিয়াৰ ৰাষ্ট্ৰপতি ইভান দোক মাৰ্কোয়েজ,ভূটানৰ প্ৰধানমন্ত্ৰী,নেদাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী আদি ৷

ABOUT THE AUTHOR

...view details