নিউজ ডেস্ক, 5 জুলাই :দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে প্ৰথম নাগৰিক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে ৷ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোডী ৷ ৰাষ্ট্ৰপতিভৱনৰ এক শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷
দেশৰ দুয়োগৰাকী শীৰ্ষ নেতাই শেহতীয়াকৈ ঘটি থকা বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনাত মিলিত হয় বুলি জানিব পৰা গৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত বিতং তথ্য প্ৰদান কৰে ৷