অসম

assam

ETV Bharat / bharat

ভাৰত চীন সম্পৰ্কই নতুন শক্তি আৰু নতুন দিশ লাভ কৰিছেঃ মোদী - ণ্ডিয়া-চীন ৰপ্তানী মেলা

বুধবাৰে চীনা ৰাষ্ট্ৰপতি জি জিংপিঙৰ লগত এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ বৈঠকৰ অন্তত দুয়োখন দেশে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰখনত এক ঘনিষ্ঠ সম্পৰ্কৰে আগুৱাই যোৱাৰ পৃষ্ঠপোষকতা কৰে ৷

মোদী আৰু জি জিংপিং

By

Published : Nov 14, 2019, 6:36 PM IST

নিউজ ডেস্ক, 14 নৱেম্বৰঃ বুধবাৰে চীনা ৰাষ্ট্ৰপতি জি জিংপিঙৰ লগত এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ বৈঠকত দুয়োখন দেশে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰখনত এক ঘনিষ্ঠ সম্পৰ্কৰে আগুৱাই যোৱাৰ পৃষ্ঠপোষকতা কৰে ৷

ইপিনে,বৈঠক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে,চেন্নাইত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই এক নতুন দিশ আৰু শক্তি লাভ কৰিছে ৷ উল্লেখ্য যে, 11 সংখ্যক BRICS সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দুয়োখন দেশৰ ৰাষ্ট্ৰ প্ৰধান উপস্থিত আছে ব্ৰাজিলত ৷ বৈঠকত সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটযোগে কয় যে, দুয়োখন দেশৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত বাণিজ্য আৰু বিনিয়োগ আছিল অন্যতম গুৰুত্বপূৰ্ণ বিষয়বস্তু ৷ বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে,"মোৰ বাবে সৌভাগ্যৰ বিষয় যে,মই প্ৰধানমন্ত্ৰী মোদীক পুনৰ লগ পালো ৷ পোন প্ৰথমবাৰ বাবে আমি ব্ৰাজিলতেই ইজনে আনজনক লগ পাইছিলো ৷ বিগত পাঁচবছৰত আমাৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছে ৷ মোৰ বিশ্বাস চেন্নাইত হোৱা দ্বি-পাক্ষিক আলোচনাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক তৰান্বিত কৰিব ৷

লগতে পঢ়কঃ কৃষকসকলক জীয়াই থাকিব দিয়ক!
আনহাতে, চীনা ৰাষ্ট্ৰপতি জি জিংপিঙে মন্তব্য কৰে যে, চাংহাই কিছু দিন পূৰ্বে ইণ্ডিয়া-চীন ৰপ্তানী মেলাত অন্যতম অংশীদাৰত্ব দেশ আছিল ভাৰত ৷ লগতে চেন্নাইত আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে চীনা ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details