অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিযুক্তি প্ৰতিশ্ৰুতি মিছাঃ ৰাহুল গান্ধী - কংগ্ৰেছ নেতা ৰাহুল গা

বিহাৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি তুংগত উঠিছে ৷ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰীক কটাক্ষ ৷

PM Modi lied on jobs, crowd will chase him away: Rahul
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিযুক্তি প্ৰতিশ্ৰুতি মিছাঃ ৰাহুল গান্ধী

By

Published : Oct 28, 2020, 3:09 PM IST

নিউজ ডেস্ক, 28 অক্টোবৰ :সমাগত বিহাৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত উঠিছে দেশৰ ৰাজনীতি ৷ বিশেষকৈ ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপিৰ মাজত সৃষ্টি হ'ব তুমুল প্ৰতিদ্বন্দিতা ৷ ইতিমধ্যে, প্ৰতিটো ৰাজনৈতিক দলে নিজৰ সমৰ্থিত প্ৰাৰ্থী বিজয়ী কৰাৰ স্বাৰ্থত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷

বুধবাৰে পুনৰ বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি নেতা গৰাকীয়ে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কয় যে,এইবাৰ হয়তো প্ৰধানমন্ত্ৰীয়ে 2 কোটি জনসাধাৰণক চাকৰি দিয়াৰ প্ৰসংগ উল্লেখ নকৰিব ৷ কিয়নো প্ৰধানমন্ত্ৰীৰ সেই যুক্তি মিছাত পৰিণত হৈছে ৷

তেওঁ আকৌ কয় যে,ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে গৰাকীয়ে এনেকুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু সময়ত সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ গতিকে এইবাৰ বিহাৰৰ জনসাধাৰণে প্ৰধানমন্ত্ৰীৰ এই মিছা প্ৰতিশ্ৰুতিক বিশ্বাস নকৰে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

ABOUT THE AUTHOR

...view details