নিউজ ডেস্ক, 12 নৱেম্বৰঃ মঙলবাৰে BRICS সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ব্ৰাজিললৈ উৰা মাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিললৈ যোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে 13 নৱেম্বৰ অৰ্থাৎ বুধবাৰে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে BRICS ব্যৱসায়ী বৈঠকৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকিব বৈদেশিক সচিব (অৰ্থনৈতিক সম্বন্ধ) টি এছ তিৰুমূৰ্ত্তি ৷
প্ৰধানমন্ত্ৰীগৰাকীৰ লগত এক বৃহৎ ব্যৱসায়ীৰ প্ৰতিনিধি দল ব্ৰাজিলত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ BRICSৰ ব্যৱসায়ী বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত থাকিব দলটো ৷